thumbnail

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 9:32 PM IST

ETV Bharat / Videos

9 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল নলবাৰীৰ ৰামপুৰ ৰাস মহোৎসৱ

নলবাৰী, 27 নৱেম্বৰ : ৰাজ্যৰ চাৰিওফালে ৰাস মহোৎসৱৰ অনন্দ-উলাহ ৷ নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ ৰামপুৰতো 9 দিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ ৷ ৰামপুৰৰ গোপাল থান প্ৰাংগনত অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱে এইবাৰ 68 সংখ্যক বৰ্ষত ভৰি দিছে ৷

সোমবাৰৰ পৰা আৰম্ভ হোৱা ৰাস মহোৎসৱসখনিৰ মুখ্য দ্বাৰ মুকলি কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে ৷ উল্লেখযোগ্য যে ৰামপুৰতো নামনি অসমৰ প্ৰচলিত মৃন্ময় মূৰ্তিৰ ৰাস অনুষ্ঠিত হয় ৷ যাৰ বাবে প্ৰতিখন ষ্টলতে প্ৰতিমাসমূহ সুন্দৰকৈ স্থাপন কৰা হৈছে ৷  

ইফালে মহোৎসৱস্থলীত চাকি-বন্তি জ্বলাই ভগৱান শ্ৰীকৃষ্ণৰ আশিস লোৱা দেখা গ'ল অগণন ভক্তক ৷ হোমযজ্ঞ, নাগাৰা নাম, দিহানাম, বিয়ানাম, লোকবাদ্য অনুষ্ঠান, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক সন্ধিয়া আদিৰ লগতে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বৰ্ষৰ ৰাস মহোৎসৱ অনুষ্ঠিত হৈছে ৰামপুৰত ৷ আজিৰ প্ৰথম দিনটোত অঞ্চলটোৰ অগণন ভক্তৰ সমাগম হোৱা দেখা গ'ল ৰামপুৰৰ ৰাসস্থলীত ৷ 

লগতে পঢ়ক : বাইক চলাই এইবাৰ ৰঙিয়াত উপস্থিত হ’ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.