Tithi of Sri Sri Madhab Dev: শ্ৰীশ্ৰীমাধৱদেৱক স্মৰণ; শংকৰদেৱৰ প্ৰিয় শিষ্যৰ ৪২৭ তম তিৰোভাৱ তিথি পালন - কৃষ্ণৰ বাল্য লীলা চৰিত্ৰৰ ৰাস মহোৎসৱৰ কীৰ্তন

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 7:36 AM IST

Updated : Sep 4, 2023, 9:37 AM IST

কলিয়াবৰ, ৪ ছেপ্টেম্বৰ : আজি ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথি ৷ অৰ্থাৎ আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ৪২৭ তম তিৰোভাৱ তিথি ৷ ১৪৮৯ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেতেকুপুখুৰীত জন্ম হোৱা মহাপুৰুষ মাধৱদেৱে ১৫৯৬ চনত ইহলীলা সম্বৰণ কৰে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ ৷

অসমীয়া নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সমাজ সংগঠক, কবি, নাট্যকাৰ শ্ৰীশ্ৰীমাধৱদেৱৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা ৷ মহাপুৰুষ মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰাৰ লগতে তেওঁ একাধিক ভটিমা, নাট, ঝুমুৰা আদি ৰচনা কৰিছিল । গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰ পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে এতিয়া অসমৰ সত্ৰ, নামঘৰসমূহ ।

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আজি বিশেষকৈ শ্ৰীকৃষ্ণৰ বাৎসল্য লীলা, কংস বধ আদিৰ কীৰ্তন কৰা হয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন মহোৎসৱত কৃষ্ণৰ বাল্য লীলা চৰিত্ৰৰ ৰাস মহোৎসৱৰ কীৰ্তন কৰা হয় ।

লগতে পঢ়ক : Dr Sukh Baruah passes away: স্তব্ধ হৈ ৰ’ল তেওঁৰ কলম; চিৰদিনৰ বাবে বিদায় মাগিলে ড৹ সুখ বৰুৱাই

Last Updated : Sep 4, 2023, 9:37 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.