Liquor seized: সত্ৰনগৰীত সুৰাৰ অবৈধ বেহা, বিলাসী বাহনৰ পৰা 50 লিটাৰ বিলাতী সুৰা জব্দ - আৰক্ষী উপ পৰিদৰ্শক প্ৰাৰ্থ সাৰথি বৰা
🎬 Watch Now: Feature Video


Published : Sep 15, 2023, 5:07 PM IST
মাজুলী, 15 ছেপ্টেম্বৰ : বিশ্বকৰ্মা পূজাৰ প্ৰাকক্ষণত মাজুলীত অবৈধ সুৰা জব্দ ফুলনি আৰক্ষীৰ ৷ সত্ৰনগৰী মাজুলীত সুৰাৰ প্ৰচলন নিষিদ্ধ থকাৰ পিছতো মাজুলীৰ বিভিন্ন ঠাইত এচাম অসাধু চক্ৰই সুৰাৰ বেপাৰ চলাই আহিছে। দিনক দিনে জিলাখনত বৃদ্ধি হৈ আহিছে বিলাতী সুৰাৰ প্ৰচলন ৷
শুকুৰবাৰে মাজুলী ফুলনি আৰক্ষীয়ে আৰক্ষী চকীৰ সন্মুখত এক নাকা চেকিং চলাই AS-03-T-2363 নম্বৰৰ এখন বিলাসী বাহনৰ পৰা বহু পৰিমাণৰ বীয়েৰৰ বটল জব্দ কৰিবলৈ সক্ষম হয়। সুৰামুক্ত মাজুলীত এনেদৰেই দৈনিক শ শ লিটাৰ বিলাতী সুৰাৰ সৰবৰাহ হৈ থকাৰ খবৰৰ মাজতে এইবাৰ মাজুলীত ফুলনি আৰক্ষীয়ে 50 লিটাৰ সুৰা জব্দ কৰে ৷
ইফালে আগন্তুক বিশ্বকৰ্মা পূজা উদযাপনৰ নামত যাতে কোনে লোকেই সুৰা সেৱন কৰি গাড়ী মটৰ চলাব নোৱাৰে তাৰ বাবে ফুলনি আৰক্ষী চকীৰ আৰক্ষী উপ পৰিদৰ্শক পাৰ্থ সাৰথি বৰাৰ নেতৃত্বত ফুলনি আৰক্ষীয়ে নাকা চেকিঙৰ ব্যৱস্থা কৰিছে।
জানিব পৰা মতে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পৰা মাজুলী বালিচাপৰি হৈ মাজৰদেউৰীলৈ এখন বিলাসী বাহনত এই জব্দ কৰা সুৰাখিনি লৈ আহিছিল । ইফালে এই বীয়েৰৰ কাৰ্টনকেইটা ঘৰুৱা সকামত ব্যৱহাৰ কৰিবলৈ অনা হৈছিল বুলি বাহনখনৰগৰাকীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Murder case: কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ