thumbnail

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 7:58 PM IST

ETV Bharat / Videos

Silchar NIT: এন আই টি শিলচৰত হোষ্টেলৰ ৰান্ধনীক প্ৰহাৰ কৰাৰ অপৰাধত 4 জন ছাত্ৰক বহিষ্কাৰ

কৰিমগঞ্জ, 2 ছেপ্টেম্বৰ : এন আই টি শিলচৰত হোষ্টেলৰ ৰান্ধনীক প্ৰহাৰ আৰু আক্ৰমণৰ অপৰাধত 4 জন ছাত্ৰক বহিষ্কাৰ ৷ লগতে 12 জন ছাত্ৰক 10 হাজাৰ টকা জৰিমনা বিহা হৈছে ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শিলচৰ এন আই টিৰ পঞ্জীয়ক কৃষ্ণলাল বৈষ্ণৱে কয় যে তদন্ত কমিটিয়ে তেওঁলোকৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছে ৷  

তদন্ত প্ৰক্ৰিয়াত এই ঘটনাৰ লগত জড়িত 16 জন লোকক চিনাক্ত কৰা হৈছে ৷ ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িতসকলক এবছৰৰ বাবে এন আই টিৰ পৰা বহিষ্কাৰ কৰাৰ লগতে যিসকলে ঘটনা প্ৰত্যক্ষ কৰি প্ৰতিবাদ নকৰাকৈ মৌন হৈ থাকিল তেওঁলোকক 10 হাজাৰ টকা জৰিমনা বিহা হয় ৷ উল্লেখ্য যে, যে এমাহ পূৰ্বে শিলচৰ এন আই টিৰ 4 নম্বৰ হোষ্টেলত চুৰিৰ সন্দেহত 3 জন কৰ্মচাৰীক প্ৰহাৰ কৰিছিল একাংশ ছাত্ৰই ৷ ভুক্তভোগী কৰ্মচাৰী তিনিজন হৈছে বিকি ৰি, মান দাস আৰু দৰ্পন ৰাজকুমাৰ ৷ 

লগতে পঢ়ক : Bajali Corruption Case: বজালীৰ ধনদাবী কাণ্ডৰ ৫ অভিযুক্ত আৰক্ষীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.