Road Accident: পথ দুৰ্ঘটনাত দুগৰাকী লোকৰ থিতাতে মৃত্যু - মিছাত ভয়ংকৰ পথ দুৰ্ঘটনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 6, 2023, 10:57 PM IST

কলিয়াবৰ, 6 এপ্ৰিল: কলিয়াবৰৰ মিছাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে (Road Accident at Misa)৷ এই পথ দুৰ্ঘটনাত এগৰাকী মহিলাসহ থিতাতে দুগৰাকী যাত্ৰীৰ মৃত্যু হয় (2 Persons Spot Dead in Road Accident )৷  

বৃহস্পতিবাৰে বিয়লি পথৰ সমীপতে এ এছ ০২ এ চি ৬৫০৯ নম্বৰৰ শুকান মাছ কঢ়িওৱা এখন বলেৰ' বাহন ৰৈ থকা অৱস্থাতে এন এল ০১ এন ৩০৯৪ নম্বৰৰ এখন ট্ৰাকে খুন্দিয়াই দিয়ে ৷ ফলত মাছ কঢ়িওৱা বলেৰ' বাহনখনৰ চালকজন থিতাতে নিহত হয় (Road Accident at Kaliabor)। জানিব পৰামতে ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষেৰে গৈ থকা এদল মানুহৰ ওপৰৰে পাৰ হৈ বলেৰ’খনত খুন্দিয়াই দিছিল ৷ এই দুৰ্ঘটনাত ফলত মঞ্জু দেৱী জয়ছোৱাল নামৰ এগৰাকী মহিলাও থিতাতে নিহত হয় ।  

আনহাতে, এটি শিশুসহ তিনিগৰাকীলোক গুৰুতৰভাৱে আহত হয় । নিহত চালকজনৰ নাম মতলেব আলী । নিহত লোকজন জাগীৰোডৰ বুলি  জানিব পৰা গৈছে ৷ আজি যোৰহাটত ৰাষ্ট্ৰপতি আগমনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ বাহন আৱদ্ধ হৈ থকাৰ ফলতে মিছাৰ নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এই হৃদয় বিদাৰক ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক:  27 tollgates in Assam : ৰাজপথত কেঁকোৰা চেঁপা, ৰাজ্যত টোলগেটৰ সংখ্যা হ’বগৈ 27 খন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.