thumbnail

Cleanest village of sarupthar: পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে উজলিছে ধনশিৰিৰ 2 নং জোনাকী পথাৰ গাঁও

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 7:09 PM IST

সৰুপথাৰ, 11 নৱেম্বৰ : হাত ঝাড়ু, দা-কটাৰী লৈ ৰাজপথলৈ ওলাই আহিল কণ কণ শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে ৷ কোনোৱে যদি ৰাজপথৰ কাষত জাবৰৰ দ’ম চাফা কৰিছে কেনোৱে আকৌ পথৰ দুয়োকাষে থকা জংঘল পৰিষ্কাৰ কৰাত ব্যস্ত হৈ পৰিছে ৷ কাৰণ নিজৰ গাঁওখন পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাৰ স্বাৰ্থতে ৰাজপথ চাফ-চিকুণ কৰাত ব্যস্ত হৈ পৰিছে কণ কণ শিশুৰ পৰা বয়োবৃদ্ধলৈকে সকলো ৷

ধনশিৰি মহকুমাৰ পানজান পঞ্চায়তৰ অন্তৰ্গত 2 নং জোনাকী পথাৰ গাঁঁৱৰ ৰাইজে দেখুৱাইছে এই আদৰ্শ । উল্লেখ্য যে, 2020 চনৰ পৰা গাঁওবাসীৰ নিজা প্ৰেচেষ্টাত প্ৰতিটো দেওবাৰে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাৰণে গাঁৱখনৰ কণ কণ ল'ৰা-ছোৱালীৰ পৰা বৃদ্ধজনলৈকে পথৰ লগতে চুবুৰীটো চাফ-চিকুণৰ বাবে ওলাই আহে ৷ উদ্দেশ্য এটাই নিজৰ চুবুৰীটো চাফ-চিকুণকৈ ৰাখিব লাগে । এই পদক্ষেপে গাঁওখনত সুস্থ বাতাৱৰণ সৃষ্টি কৰিছে । তেওঁলোকক দেখি আনকি ওচৰৰ গাঁৱসমূহেও এই আদৰ্শ গ্ৰহণ কৰিছে । 

লগতে পঢ়ক:Illegal land excavation: মথাউৰিৰ কাষত অবৈধভাৱে মাটি খনন দুষ্ট চক্ৰৰ, নিৰ্বিকাৰ বন বিভাগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.