Cultural rally in Tezpur: বাৰেৰহনীয়া সংস্কৃতিৰ সমাহাৰেৰে মুখৰিত হ’ল তেজপুৰ চহৰ - Sonitpur AASU annual conference

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 6, 2023, 6:28 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

অসমৰ জাতীয় তথা সমাজ জীৱনৰ লগতে অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰায় প্ৰতিটো উপাদান পুনৰবাৰ উজলি উঠিল তেজপুৰত ৷ তেজপুৰ চহৰৰ ঐতিহাসিক শ্বহীদ বাকৰিত ১৯৮৩ ৰ অসম আন্দোলনৰ শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানে পুনৰ সোঁৱৰাই দিলে অসম আন্দোলনৰ স্মৃতি (Martyr of Assam movement)। তেজপুৰৰ মাজগাঁওস্থিত জাতীয় শ্বহীদ বাকৰিত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ত্ৰয়োদশ বাৰ্ষিক তেজপুৰ অধিৱেশন (Sonitpur AASU annual conference)৷ এই অধিৱশনৰ প্ৰথম কাৰ্যসূচীৰূপে পতাকা উত্তোলন কৰা হয় আৰু তাৰ পিছতে উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত বিশিষ্ট অভিনেতা অৰুণ নাথ, কৃষ্ণা দাস নাথ, নয়ন নীলিম, বংকিম শৰ্মা প্ৰমুখ্যে বহু কেইজন অতিথিয়ে অংশগ্ৰহণ কৰে ৷ শতাধিক গায়ন-বায়নৰ লগতে শোভাযাত্ৰাত অতি কমেও তিনি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷ বিয়লিলৈ অনুষ্ঠিত হয় মুকলি সভা ৷ মুকলি সভাত মুখ্য অতিথিৰূপে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.