Old age home In Golaghat: বৃদ্ধাশ্ৰমলৈ সহায়ৰ হাত গোলাঘাটৰ ১২ নং এনচিচি কাৰ্যালয়ৰ - গোলাঘাটৰ ১২ নং এনচিচিৰ কাৰ্যালয়
🎬 Watch Now: Feature Video
গোলাঘাট, 7 জানুৱাৰী: "আমি বহুত সুখী, বহুত সুখী হৈছো ৷ আমি এইখিনি পাম বুলি ভবা নাছিলো ৷ আমি তেওঁলোকক আশীৰ্বাদ দিছো ৷" গোলাঘাটৰ ১২ নং এনচিচিৰ কাৰ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপক শলাগি আবেগিক হৈ পৰিল আইতাসকল ৷ মঙলবাৰে গোলাঘাটৰ বেঙেনাখোৱাৰ আমাৰ ঘৰ বৃদ্ধাশ্ৰমলৈ খাদ্য সামগ্ৰীৰ লগতে প্লাষ্টিকৰ চকী বিতৰণ কৰে গোলাঘাটৰ ১২ নং এনচিচি কাৰ্যালয়ৰ বিষয়ববীয়াসকলে (12 no NCC office helps old age home ) ৷
এই সৰু সৰু সুখবোৰেই বৃদ্ধাশ্ৰমত আশ্ৰয় গ্ৰহণ কৰা এইসকল আইতা-ককাৰ এক ভাবিব নোৱৰা উপহাৰ । এনচিচি কেডাৰসকলৰ এই উপহাৰে আইতাহঁতক সুখী কৰাৰ লগতে এক মুহুৰ্তৰ বাবে নিজ সন্তানলৈ মনত পেলাই আবেগিক কৰি তোলে ৷ আইতাসকলক এইদৰে সহায় কৰিবলৈ পাই এনচিচিৰ কেডাৰসকলে ভৱিষ্যতেও বৃদ্ধাশ্ৰমত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
উল্লেখযোগ্য যে, গোলাঘাট জিলাৰ এই বৃদ্ধাশ্ৰমত জিলাখন বিভিন্ন ঠাইৰ গৰাকীবিহীন আইতা ককাৰ একমাত্ৰ ঠিকনা (Old age home In Golaghat ) ৷ বিভিন্ন কাৰণৱশতঃ এইসকল আইতা ককা একেবাৰে অকলশৰীয়া । গতিকে এইসকল আইতা ককাক এনেদৰে সহায়ৰ হাত আগঢ়োৱাত গোলাঘাটৰ ১২ নং এনচিচিৰ কাৰ্যালয়ৰ কেডাৰসকলক শলাগ লৈছে সচেতন মহলে ।
উল্লেখ্য যে বৃদ্ধাশ্ৰম বৰ্তমান সমাজৰ এক পৰিচিত শব্দ (Old age home In Assam)। প্ৰতিযোগিতাৰ দৌৰত আমি সকলোবোৰ ব্যস্ত ৷ ফলত বহুসময়ত আজিকালি সন্তানৰ হাতত সময় নথকাটো স্বাভাৱিক যদিও কিছু লোকে ইয়াক অজুহাত হিচাপেও ব্যৱহাৰ কৰে ৷ কৰ্মসূত্ৰেই হওক অথবা অন্য কাৰণতেই আজিকালি সন্তানসকল পিতৃ-মাতৃৰ কাষত থকা তেনেই কম পৰিলক্ষিত হয় ৷
বহুতে পিতৃ-মাতৃকো লগত ৰাখিব বিচাৰে যদিও কংক্ৰীটৰ জীৱন এটা উদযাপন কৰাতকৈ কষ্টৰে সাজি উলিওৱা ঘৰখনতেই অকলশৰে থাকিয়েই ভাল পায় পিতৃ-মাতৃসকলে । বহুলোকে বৃদ্ধাশ্ৰমৰ বিষয়ে বহুতো কথা কয় যদিও কিছু লোকৰ বাবে এই বৃদ্ধাশ্ৰমসমূহ আশীৰ্বাদস্বৰূপ ৷
লগতে পঢ়ক: Angoorlata react on Child marriage: ভৱিষ্যতে মিঠা পাবলৈ হ’লে এতিয়া তিতা পোৱাটো স্বাভাৱিক: আঙুৰলতা