AHSEC Result 2023 : বাণিজ্য শাখাত দশম স্থান দখল বৰপেটাৰোডৰ দিপিকা আগৰৱালাৰ - AHSEC Result 2023
🎬 Watch Now: Feature Video
বৰপেটাৰোড,৬ জুন: সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বৰপেটাৰোডৰ আগশাৰীৰ শিক্ষানুষ্ঠান আছাম ব্ৰিলিয়েন্ট একাডেমীৰ পৰা দিপিকা আগৰৱালাই ৪৬০ নম্বৰ লাভ কৰি বাণিজ্য শাখাত দশম স্থান দখল কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে (10th position in commerce in HS result 2023) ।
বৰপেটাৰোডৰ ৮নং ৱাৰ্ড বৰ্মনপাৰাৰ সাধাৰণ গেলামালৰ দোকানী মহেশ আগৰৱালা আৰু মাতৃ ৰজনী আগৰৱালাৰ কন্যা দিপীকা আগৰৱালাই ৮৫ পৰা ৯০ শতাংশ নম্বৰ লাভ কৰিব বুলি আশা পুহি ৰাখিছিল যদিও স্থান লাভ কৰিব বুলি ভৱা নাছিল বুলি জানিবলৈ দি ছাত্ৰীগৰাকীয়ে ভবিষ্যতে CA হোৱাৰ সপোন ৰচিছে বুলিও উল্লেখ কৰে (AHSEC Result 2023) ৷
আৰ্থিক দিশত দুৰ্বল ছাত্ৰীগৰাকীক আছাম ব্ৰিলিয়েণ্ট একাডেমিৰ পৰা তৰফৰ পৰা যথেষ্টখিনি সহায় কৰিছে বুলিও জানিবলৈ দিয়ে ছাত্ৰীগৰাকীৰ পিতৃয়ে (Dipika Agarwal secured 10th position in commerce) ৷ ছাত্ৰীগৰাকীৰ এই সাফল্যত আছাম ব্ৰিলিয়েণ্ট একাডেমিৰ অধ্যক্ষ হাইদৰ আলী আহমেদে ছাত্ৰীগৰাকীক ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে একাডেমিৰ ছাত্ৰ-ছাত্ৰীয়ে আতচবাজী ফুটাই হৰ্ষোল্লাস কৰে ৷
TAGGED:
AHSEC Result 2023