thumbnail

By

Published : Apr 2, 2022, 7:18 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / Videos

ৰাজ্যসভাৰ নিৰ্বাচন আৰু মূল্যবৃদ্ধি সম্পৰ্কে গৌৰৱ গগৈৰ মন্তব্য

শেহতীয়াকৈ হৈ যোৱা ৰাজ্যসভাৰ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য সাংসদ গৌৰৱ গগৈৰ (Gaurav Gogoi reaction on Rajya Sabha election)। কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰাৰ পৰাজয়ৰ কাৰণ বিজেপি আৰু এ.আই.ইউ.ডি.এফ দলৰ ষড়যন্ত্ৰক দোষাৰোপ কৰে (Gaurav Gogoi criticized BJP and AIUDF)। ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰী আৰু এ.আই.ইউ.ডি.এফ দলৰ নিৰ্বাচনকেন্দ্ৰিক ভাষ‍্য একে হোৱাক লৈ আশ্চৰ্য‍্য প্ৰকাশ কৰে সাংসদ গৰাকীয়ে । কলিয়াবৰত কংগ্ৰেছ দলৰ দলীয় সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাংসদগৰাকীয়ে (MP Gaurav Gogoi at Kaliabor)। ৰাজ‍্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি আৰু অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ মূল‍্যবৃদ্ধিৰ বিষয়তো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব‍্য কৰে সাংসদগৰাকীয়ে (Gaurav Gogoi reaction on price hike)। আনহাতে, অসমীয়া ভাষাক লৈ চিৰাজুদ্দিন আজমলৰ টুলুঙা মন্তব‍্যক লৈ গৌৰৱ গগৈয়ে কয় যে যোৱা বিধান সভা নিৰ্বাচনতো এ.আই.ইউ.ডি.এফ দলটোৰ পৰা এনে সাম্প্ৰদায়িক মন্তব‍্য দেখা গৈছিল । বিধায়ক চিৰাজুদ্দিনক এনেধৰণৰ মন্তব‍্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় সাংসদ গৌৰৱ গগৈয়ে । তদুপৰি দুখীয়া জনতাৰ আশীৰ্বাদ লৈ চৰকাৰ গঠন কৰি প্ৰতিদান স্বৰূপে দেশত ভয়ানক মূল‍্যবৃদ্ধিৰে দেশৰ দুখীয়া ৰাইজৰ কঁকাল ভাঙিছে বুলিও অভিযোগ কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.