কলিয়াবৰত মাইক্ৰ’ ফাইনেঞ্চৰ ঋণগ্ৰস্তক চেক প্ৰদান - কলিয়াবৰত চেক প্ৰদান কেশৱ মহন্তৰ
🎬 Watch Now: Feature Video

কলিয়াবৰৰ মিছা মিলন সংঘত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মাইক্ৰ’ ফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাসকলক শনিবাৰে চেক বিতৰণ কৰে (cheque distribution under microfinance loan waiver scheme )। পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ড আৰু কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনত প্ৰায় ছয় হাজাৰৰো অধিক মহিলাক চেক প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । ভাষণ প্ৰসংগত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মাইক্ৰফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাসকল ঋণমুক্ত কৰিবলৈ প্ৰায় বাৰ হাজাৰ কোটি টকা ধন পৰিশোধ কৰিব লাগিব বুলি কোৱাৰ লগতে এই বাৰ হাজাৰ কোটি টকা প্ৰদান কৰোতে কিছু পলম হ'ব বুলি কয় । কাৰণ এই বাৰ হাজাৰ কোটি টকা ৰাইজৰ উন্নয়নৰে টকা ।
Last Updated : Feb 3, 2023, 8:19 PM IST