Man Elephant conflict in Assam: সোণাৰিত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ

By

Published : Nov 7, 2022, 3:57 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
চৰাইদেউ জিলাৰ সোণাৰিত বৃদ্ধি পাইছে হাতীৰ তাণ্ডৱ (Wild Elephant terror at Sonari)। সোণাৰিৰ ৩ নং গোৱালা পথাৰত দেওবাৰে নিশা বনৰীয়া হাতীয়ে ভাঙি তচনচ কৰে ৪ টা বাসগৃহ । গাঁওখনৰ নিৰ পায়েক আৰু সুমিত্ৰা পায়েকৰ পৰিয়ালৰ ৪ টা বাসগৃহ বনৰীয়া হাতীয়ে ধ্বংশ কৰে (Elephant destroyed house in Sonari)। ইপিনে, নাফুকস্থিত সোণাৰি আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত খৱৰ দিয়াৰ পিছতো ঘটনাস্থলীত কোনো লোক উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে । উল্লেখ্য় যে, প্ৰায়েই সোণাৰিত বনৰীয়া হাতীৰ তাণ্ডৱ দেখিবলৈ পোৱা যায় । কেইটামান দিনৰ পূৰ্বে সোণাৰিত কৃষকৰ খেতিপথাৰ নষ্ট কৰিছিল বনৰীয়া হাতীয়ে । ইয়াৰ পিছতো প্ৰতিৰোধৰ বাবে বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.