Public protest at Kaliabor: বিধ্বস্ত পথে জীয়াতু ভোগাইছে গঞা ৰাইজক

By

Published : Oct 22, 2022, 7:07 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ প্ৰতিফলিত হৈছে কলিয়াবৰত (Poor road condition at Kaliabor) ৷ বিধ্বস্ত পথৰ বাবে চৰকাৰৰ বিৰুদ্ধে এনেদৰে ক্ষোভ প্ৰকাশ কৰি শণিবাৰে কলিয়াবৰৰ (Public demand for repairing of road in Kaliabar) ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য় যে উক্ত অঞ্চলটোৰ হাটবৰ গাঁৱৰ এটা পথে এতিয়া বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে গঞা ৰাইজক ৷ কলিয়াবৰৰ হাটবৰ গাঁও (Public protest against govt at Hatbor gaon) পঞ্চায়তৰ অন্তৰ্গত লোক নিৰ্মাণ বিভাগৰ এটা পথৰ বাবেই জীয়াতু ভুগিব লগা হৈছে নিজৰি পথাৰবাসীয়ে । নিজৰি গাঁৱৰ পৰা হাটবাগান সংযোগী পথটোৰ দুৰবস্থাৰ বাবে ৰাইজে খোজ কাঢ়ি যোৱাতো অসুবিধাৰ সন্মুখীন হৈছে । আনিক পথৰ এনে অৱস্থাৰ বাবে ১০৮ সেৱাৰ (public deprived from 108 service in Kaliabor) পৰাও ৰাইজ বঞ্চিত হৈ আহিছে । সেয়েহে ৰোগীক কোলাত লৈহে যাব লাগে ৰাইজে । উল্লেখ্য যে উক্ত পথচোৱাৰ দুৰৱস্থাৰ বাবেই কিছুদিন পূৰ্বেই দুৰ্ঘটনাত পতিত হৈ এজন লোকৰ মৃত্যু হৈছিল । কিন্তু ইমানৰ পিছতো তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা সংশ্লিষ্ট বিভাগে মেৰামেতি নকৰাত ৰাইজে বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.