thumbnail

Crime in Guwahati: গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ

By

Published : Dec 21, 2022, 2:22 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ৰাজ্যত ভয়াৱহ নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান (Anti drugs mission by Assam police)৷ এনে অভিযানৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই আছে ড্ৰাগছৰ ৰমৰমীয় বেহা । ইয়াৰ মাজতেই ৰে'ল সুৰক্ষা বাহিনী (RPF) আৰু চৰকাৰী সুৰক্ষা বাহিনীয়ে (GRP) যুটীয়া অভিযান চলাই গুৱাহাটী ষ্টেচনত এক পেকেট ব্ৰাউন ছুগাৰ আৰু ৫,৯৪০ টা নিচাযুক্ত টেবলেট জব্দ কৰে (Drugs seized at Guwahati Rail Station)। দনিপল' এক্সপ্ৰেছত সৰবৰাহকাৰীয়ে বেগত ভৰাই আনিছিল উক্ত ড্ৰাগছখিনি (RPF seized in Guwahati rail station)। আৰক্ষীয়ে এই সন্দৰ্ভত এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰে (Drugs paddler arrested in Guwahati)। ধৃত যুৱতীগৰাকী ডিমাপুৰৰ ৰহিলা কৰে পাৰবিন । যুৱতীগৰাকীয়ে ড্ৰাগছ আৰু নিচাযুক্ত টেবলেটখিনি ৰে'লৰে ডিমাপুৰৰ পৰা গুৱাহাটীলৈ আনিছিল ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.