thumbnail

By

Published : Oct 20, 2022, 5:33 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

Dumper owner protest at Silchar: কাছাৰত ডাম্পাৰ জব্দ কৰাক লৈ উত্তপ্ত পৰিস্থিতি

শিলচৰৰ ৰংপুৰত বুধবাৰে নিশা শিল ভৰ্তি ডাম্পাৰক লৈ এক উত্তপ্ত (Tense at Silchar for seized dumper) পৰিস্থিতিৰ সৃষ্টি হয় ৷ বৈধ চালান থকা সত্বেও বন বিভাগে শিল আৰু বালিভৰ্তি ডাম্পাৰ যাবলৈ নিদিয়াৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হ'বলৈ পালে । ইয়াৰ পিছতেই ডাম্পাৰৰ মালিকসকলে ৰাজপথত শতাধিক ডাম্পাৰ বন্ধ কৰি প্ৰতিবাদ (Protest by shutting down dumper at Rangpur) সাব্য়স্ত কৰে ৷ জানিব পৰা মতে, মধুৰা শিল আৰু বালি মহলৰ পৰা শতাধিক ডাম্পাৰে শিল আৰু বালি কঢ়িয়াই লৈ যোৱাৰ সময়ত নিশা ৰংপুৰত বন বিভাগে (Protest against Forest department) ডাম্পাৰ সমূহৰ চালানৰ সময়ৰ বৈধতা (Validity of Dumper invoice time) সমাপ্ত হোৱা বুলি কৈ জব্দ কৰে ৷ ইয়াকে লৈ ডাম্পাৰ মালিকৰসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয় ৷ ডাম্পাৰ মালিক সকলৰ মতে, চালান যি সময়লৈ বান্ধি দিয়া হয় সেই সময়ত এখনো ডাম্পাৰে শিল বা বালিৰ সৈতে শিলচৰত প্ৰবেশ কৰিব নোৱাৰে ৷ কিয়নো নিশা ১১ বজাৰ পিছতহে শিলচৰ চহৰত প্ৰবেশ কৰিব পাৰে ৷ পিছত বাধ্য় হৈ বনবিভাগে আটাইকেইখন ডাম্পাৰ যাবলৈ দিয়ে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.