CPIM protest: বান সাহায্যত অনিয়ম: চিপিআইএমৰ বিক্ষোভ - চিপিআইএমৰ বিক্ষোভ কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 13, 2022, 10:04 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ৰাজ্যজুৰি শাম কটা নাই বানৰ প্ৰলয় (Assam flood 2022) ৷ এতিয়াও কিছু অঞ্চলত আশ্ৰয় শিবিৰত বাস কৰিছে বানাক্ৰান্তই (CPIM protest against flood relief )৷ ইয়াৰ সমান্তাৰলকে একাংশ বানাক্ৰান্তই লাভ কৰা নাই চৰকাৰী সাহায্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বান সাহায্যত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলি ৰঙিয়াত চিপিআইএম দলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ চৰকাৰী সাহায্যৰ তালিকাত বহু বানাক্ৰান্ত পৰিয়ালৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ তোলে দলটোৱে । ৰঙিয়াৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি 10 টা দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতাবাদীকাৰীসকলে ৷ এই দাবীসমূহৰে কেইটামান হৈছে বানত গৃহহীন পৰিয়ালক 3 লাখ টকাকৈ প্ৰদান কৰা, আংশিক ক্ষতি হোৱা পৰিয়ালক 1 লাখ টকা, বানত ক্ষতি হোৱা মৎস্যজীৱীক বিঘাই 25 হাজাৰ টকা, বানাক্ৰান্তক আগন্তুক ছয়মাহলৈ 7500 টকা কৈ প্ৰদান কৰা , এম এন ৰেগা আঁচনিৰ অধীনত বানাক্ৰান্তসকলক ১০০ দিনৰ কাম দিবলৈও দলটোৱে দাবী উত্থাপন কৰে ৷ বানত বিধ্বস্ত কোনো লোকো ক্ষতিপূৰণৰ পৰা বঞ্চিত হ'লে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে দলটোৱে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.