Sivasagar SP press conference: শিৱসাগৰত শীঘ্ৰে আৰম্ভ হ'ব ই-চালান - Sivasagar SP press conference

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 6, 2022, 2:24 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

শিৱসাগৰ জিলাত যান-বাহন আইন ভংগকাৰীৰ সংখ্য়া বৃদ্ধি পাবলৈ ধৰিছে ।সেয়েহে শিৱসাগৰ যান-বাহন বিভাগে অনতিপলমে আৰম্ভ কৰিব ই-চালান । যান-বাহন আইন ভংগকাৰী সকলে এতিয়াৰ পৰা জৰিমণা অন-লাইন পৰিশোধ কৰিব পাৰিব(Sivasagar SP press conference)। শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই শুকুৰবাৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰে । এতিয়াৰ পৰা কোনো লোকে যান-বাহন আইন ভংগ কৰিলে আৰক্ষীয়ে লোৱা ব্যৱস্থা সন্দৰ্ভত আইন ভংগকাৰীৰ ব্যক্তিগত ম'বাইললৈ যাৱতীয় জৰিমণাৰ তথ্য প্ৰেৰণ কৰা হ'ব(E challan in Sivasagar on traffic Traffic law violators)। উক্ত তথ্যত কিয়, কেতিয়া, কেনেকৈ তেওঁ যান-বাহন আইন ভংগ কৰিলে সেই সন্দৰ্ভত বিশদ বিৱৰণ থকাৰ লগতে তেওঁ ই-চালান চাইটত গৈ উক্ত আইন ভংগৰ ফটো পৰ্যন্ত লাভ কৰিব বুলি অধীক্ষকগৰাকীয়ে সদৰি কৰিছে ।তেওঁ ৰাইজক এই দিশত সজাগ হ'বলৈ আহবান জনায় ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.