চৰকাৰে নতুনকৈ আৰোপ কৰা মাচুল দিব নে অসমৰ ৰাইজে ! - Public Slams Assam Govt

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 1:50 PM IST

নগাঁও, 23 নৱেম্বৰ : বিহু, ৰেলী, সভা-সমিতি পতাৰ নামত চৰকাৰে ৰাইজৰ ওপৰত কৰ অথৱা মাচুল আৰোপ কৰাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মাচুল আদায় দিবলৈ কোনো কাৰণতে যেন মানি ল'ব বিচৰা নাই সচেতন লোকে ।

চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে নগাঁৱৰ সচেতন যুৱেক ৷ চৰকাৰে আৰোপ কৰা কৰৰ সন্দৰ্ভত আমাৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নগাঁৱৰ সচেতন যুৱকে কয়, ‘‘কেইদিনমানৰ পাচতে পথেৰে খোজকাঢ়ি যাবলৈও সাধাৰণ ৰাইজে কৰ দিব লাগিব ৷ এফালে দি আনহাতে ৰাইজৰ মূৰত কৰ জাপি দিছে চৰকাৰে ৷ মূল্যবৃদ্ধি বাবে ৰাইজৰ ক্ষোভ আছে তাতে আকৌ কৰ ৷ চৰকাৰে জ্বলা জুইত ঘিঁউ ঢালি ভাল কাম কৰা নাই ৷’’

লগতে পঢ়ক:কৰৰ বোজা বঢ়ালে চৰকাৰে; হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী বিভিন্নজনৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.