বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰিল বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী - চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী বঁটা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 3:34 PM IST

গোলাঘাট, 27 নৱেম্বৰ: শৰতৰ পূৰ্ণিমাৰ নিশাত সমগ্ৰ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ ৷ শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ বাবে চাৰিওফালে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাটতো দেখা গ’ল একে পৰিৱেশ ৷ গোলাঘাটৰ কানুগাঁও পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা হয় মহাৰাস ৷ য’ত ভিৰ কৰে হাজাৰ হাজাৰ দৰ্শকে ।

এই ৰাসলীলাত অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী আৰু অভিনেতা ৰূপম গোস্বামীয়ে ৷ ৰাসলীলাত অংশগ্ৰহণ কৰি নিজৰ অভিনয়ৰে উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰে নিশিতা গোস্বামী আৰু ৰূপম গোস্বামীয়ে ৷ ইফালে এই ৰাসলীলাতেই বিশিষ্ট চলচ্চিত্ৰ অভিনেত্ৰী মলয়া গোস্বামীলৈ প্ৰয়াত চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী বঁটা প্ৰদান কৰা হয় ৷ বঁটা গ্ৰহণ কৰি যথেষ্ট আবেগিক হৈ পৰে বিশিষ্ট অভিনেত্ৰীগৰাকী ৷

উল্লেখ্য যে, বঁটা প্ৰদান অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, প্ৰয়াত চিন্ময় ৰঞ্জন দত্তৰ জেষ্ঠ ভাতৃ পৰিক্ষীত দত্ত, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈকে আদি কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে । বঁটা প্ৰদান অনুষ্ঠানৰ পাচতে অনুষ্ঠিত কৰা হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা ।  

লগতে পঢ়ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ভক্তি ৰসত বিলীন খুমটাইবাসী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.