Assam municipal election 2022: শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ শক্তি মন্ত্ৰী বিমল বৰাৰ - পৌৰসভা নিৰ্বাচন
🎬 Watch Now: Feature Video
ৰাজ্যত এতিয়া পৌৰসভা নিৰ্বাচনৰ (Municipal election 2022) ব্যাপক প্ৰস্তুতি । চাৰিওফালে চলিছে নিৰ্বাচনী প্ৰচাৰ । বাকী জিলাসমূহৰ লগতে শিৱসাগৰ জিলাৰো প্ৰতিটো ৱাৰ্ডতে চলিছে পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান । শাসকীয়, বিৰোধী সকলো দলে চলাই গৈছে প্ৰচাৰ । ইয়াৰ মাজতে শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰত অংশ ল'লে ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাই (Election campaign of Bimal Bora at Sivsagar)। বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহি শিৱসাগৰৰ বিধায়ক অখিল গগৈক সমালোচনা কৰিলে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীৰ মতে শিৱসাগৰৰ বিধায়ক অখিল গগৈ এটা টুপি । ৰাইজৰৰ মূৰৰ পৰা এই টুপি খুলিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ । বিমল বৰাৰ মতে অখিল গগৈৰ লিমিট ১০০ কোটি কিন্তু বিজেপিৰ কোনো লিমিট নাই । বিৰোধীক তীব্ৰ সমালোচনা মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰ বিজেপি দলৰ, সেয়ে উন্নয়ন বিজেপিয়ে কৰিব আৰু সিদ্ধান্তও বিজেপিয়ে ল'ব । চৰকাৰে যেতিয়া দিব তেতিয়াহে বিৰোধী বা অখিল গগৈয়ে কৰিব পাৰিব । শিৱসাগৰৰ উন্নয়নৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জিলাখনত মাত্ৰ এখন ষ্টেডিয়ামৰ বাবেই চৰকাৰে ৫০ কোটি টকা দিছে । শিৱসাগৰ জিলাত কিছুদিনৰ পাছতে ১০০ শতাংশ বৈদ্যুতিকৰণ হ'ব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে । অৱশ্যে মন্ত্ৰীগৰাকীৰ এনে সমালোচনা বা প্ৰতিশ্ৰুতিৰ ফলাফল শিৱসাগৰৰ ৰাইজে কেনেদৰে দিব সেয়া সময়েহে ক'ব ।
Last Updated : Feb 3, 2023, 8:17 PM IST