ETV Bharat / sports

ছিডনী টেষ্টত ভাৰতীয় দলত মোক্ষম আঘাত; আঘাতৰ বাবে খেলপথাৰৰ পৰা বাহিৰ যশপ্ৰীত বুমৰাহ - JASPRIT BUMRAH INJURED

ছিডনী টেষ্টৰ দ্বিতীয় দিনা সোঁহতীয়া বলাৰ যশপ্ৰীত বুমৰাহ আঘাতপ্ৰাপ্ত হয় । আঘাতৰ স্কেনৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় ।

JASPRIT BUMRAH INJURED
আঘাতৰ বাবে খেলপথাৰৰ পৰা বাহিৰ যশপ্ৰীত বুমৰাহ (AFP)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 12:45 PM IST

ছিডনী : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ছিডনীত অনুষ্ঠিত পঞ্চম টেষ্টৰ দ্বিতীয় দিনা ভাৰতীয় শিবিৰত এক মোক্ষম আঘাত । ভাৰতীয় অধিনায়ক তথা কেংগাৰু বেটাৰক বিষাক্ত বলিং স্পেলেৰে শ'লঠেকত পেলোৱা যশপ্ৰীত বুমৰাহ আঘাতপ্ৰাপ্ত হয় । যাৰ বাবে তেওঁ খেলপথাৰৰ বাহিৰলৈ যাবলগা হয় । তেওঁৰ ঠাইত তাৰকা বেটছমেন বিৰাট কোহলীয়ে ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰে ।

ছিডনীত আঘাতপ্ৰাপ্ত যশপ্ৰীত বুমৰাহে মধ্যাহ্নভোজন বিৰতিৰ পিছত দ্বিতীয় ছেছনৰ আৰম্ভণিতে এটা অ'ভাৰ বল কৰে । তাৰ ঠিক পিছতে তেওঁ খেলপথাৰ ত্যাগ কৰে আৰু তেতিয়াৰ পৰা তেওঁ খেলপথাৰৰ বাহিৰত আছে । অৱশ্যে তেওঁ কেনেকৈ আৰু কেতিয়া এই আঘাতৰ সন্মুখীন হয় সেয়া এতিয়াও স্পষ্ট নহয় ।

জানিব পৰা মতে, বুমৰাহক আঘাতৰ স্কেনৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় । মেচৰ পোনপটীয়া সম্প্ৰচাৰৰ সময়ত টিভিত দেখুওৱা হৈছিল যে তেওঁ এখন গাড়ীত ছিডনী ক্ৰিকেট গ্ৰাউণ্ডৰ পৰা বাহিৰলৈ গৈ আছে । ইয়াৰ অৰ্থ হ'ল তেওঁ অন্ততঃ এইটো ছেছনত খেলপথাৰলৈ ঘূৰি আহিব নোৱাৰে । অৱশ্যে অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।

আনহাতে, যশপ্ৰীত বুমৰাহৰ আঘাত কিমান গুৰুতৰ সেই বিষয়েও কোনো তথ্য পোৱা হোৱা নাই । কিন্তু ভাৰতীয় অনুৰাগীসকলৰ এটাই আশা যে তেওঁ সোনকালেই খেলপথাৰলৈ উভতি আহিব ।

উল্লেখ্য যে বুমৰাহ হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত শৃংখলাত আটাইতকৈ সফল বলাৰ । ছিডনীত অনুষ্ঠিত শৃংখলাৰ নিৰ্ণায়ক মেচখনত খেলপথাৰত বুমৰাহৰ উপস্থিতি ভাৰতীয় দলৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক :টেষ্টৰ পৰা অৱসৰ ? নীৰৱতা ভংগ কৰিলে ৰোহিত শৰ্মাই - ROHIT SHARMA ON TEST RETIREMENT
লগতে পঢ়ক :আত্মসমৰ্পণ; প্লেয়িং ১১ৰ পৰা আঁতৰি থাকি ৰোহিতে ৰচিলে ইতিহাস - BORDER GAVASKAR TROPHY 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.