ETV Bharat / state

এইবাৰ বৰঘৰত সিন্ধি মৰিগাঁৱৰ চাইবাৰ অপৰাধীৰ; লুটিলে 20 কোটি - CYBER FINANCIAL CRIMES IN ASSAM

এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য আদিত্য বিৰলা গ্ৰুপ । সৰকালে ২০ কোটি টকা ।

cyber criminal detained in Morigaon
মৰিগাঁৱত আটক চাইবাৰ অপৰাধী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 12:24 PM IST

মৰিগাঁও : অসম আৰক্ষীৰ সক্ৰিয়তাৰ পাছতো মধ্য অসমৰ বহু ঠাইত সক্ৰিয় হৈ আছে চাইবাৰ অপৰাধী চক্ৰ । এইবাৰ চাইবাৰ অপৰাধী চক্ৰৰ চকু আদিত্য বিৰলা গ্ৰুপৰ ওপৰত ৷ জানিব পৰা মতে, আদিত্য বিৰলা গ্ৰুপৰ পৰা মৰিগাঁৱৰ চাইবাৰ অপৰাধীয়ে সৰকলে 20 কোটি টকা ।

ইয়াৰ মাজতে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীয়ে বৃহৎ অভিযান চলাই থকাৰ মাজতে জিলাখনত পুনৰ আৰক্ষীৰ জালত পৰিছে ১৫ টাকৈ চাইবাৰ অপৰাধী । শুকুৰবাৰে নিশাও মৰিগাঁও জিলাৰ মায়ং, ভূৰাগাঁও, লাহৰীঘাট, মৈৰাবাৰী অঞ্চলত মৰিগাঁও আৰক্ষীৰ প্ৰায় ১৩ টা দলে অভিযান চলায় ।

মৰিগাঁৱত আটক চাইবাৰ অপৰাধী (ETV Bharat Assam)

এই অভিযানত আটক কৰা চাইবাৰ অপৰাধীকেইটাৰ ভিতৰত 11 জনৰ বিৰুদ্ধে তথ্য-প্ৰমাণ পোৱা গৈছে । চাইবাৰ অপৰাধীৰ লগত জড়িত থকাৰ তথ্য-প্ৰমাণ পোৱা বুলি জানিবলৈ দিয়ে মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়া সমীৰণ বৈশ্যই ।

বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে এই অপৰাধীকেইটাই আদিত্য বিৰলা গ্ৰুপ ফাইনেন্স কোম্পানীৰ নথি-পত্ৰ জমা দি অনলাইন ঋণ লৈছিল আৰু আজিৰ পৰা প্ৰায় দুসপ্তাহ পূৰ্বে মুম্বাইৰ পৰা আদিত্য বিৰলা গ্ৰুপৰ এটা জ্যেষ্ঠ দল আহি এফ আই আৰ দাখিল কৰিছিল । লগতে তেওঁলোকৰ ২০ কোটি টকা লোকচান হোৱা বুলি জনাইছিল । তেওঁলোকে প্ৰদান কৰা তথ্য-পাতিৰ ভিত্তিত তদন্ত চলাই মৰিগাঁও আৰক্ষীয়ে লাহৰিঘাট, মৈৰাবাৰী আদি অঞ্চলত অভিযান চলায় ।

আৰক্ষী বিষয়াগৰাকীয়ে কয়, "মৰিগাঁও পুলিচৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে । যোৱাকালিও আমি জিলাখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মায়ং, লাহৰিঘাট, মৈৰাবাৰী, ভূৰাগাঁও এইবিলাক এৰিয়াত আমাৰ ১৩ টা দলে বিভিন্ন স্থানত অভিযান চলাইছিল । অভিযান চলাই আমি প্ৰায় ১১ জন আটক কৰিছো । সৰ্বমুঠ আমি ১৫ জনক আটক কৰিছো । তাৰে ১১ জনৰ বিৰুদ্ধে আমি তথ্যপাতি পাইছো । বাকীকেইটাৰ সোধ-পোছ চলি আছে । অভিযান চলি আছে ।"

তেওঁ লগতে কয়, "এই যিটো অভিযান চলি আছে ইয়াৰ মূলতে আছিল আদিত্য বিৰলা ফাইনেন্স কোম্পানী । তেওঁলোকৰ কোম্পানীত বিভিন্ন ধৰণৰ নথি-পত্ৰ জমা দি লোন লৈছিল । আজিৰ পৰা দুসপ্তাহমান আগতে তেওঁলোকৰ এটা ছিনিয়ৰ অফিচাৰ টীম আহিছিল । ইয়াত তেখেতসকলে এখন আফ আই আৰ দাখিল কৰিছিল । সৰ্বমুঠ তেওঁলোকৰ কোম্পানীৰ ২০ কোটি টকা লোকচান হোৱা বুলি কৈছিল ।"

লগতে পঢ়ক :আচৰিত নহ'ব ! অসমৰে এখন ঠাই এতিয়া পৰিণত হৈছে দেশৰ দ্বিতীয় জামতাৰাত - MORIGAON ASP ON CYBER CRIME
লগতে পঢ়ক :বহিঃৰাজ্যৰ চাইবাৰ অপৰাধীৰ চকু আপোনাৰ ধনৰ ওপৰত - CYBER CRIMINAL ARRESTED IN NAGAON

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.