ডিব্ৰুগড়: নৱবৰ্ষ পূৰ্বৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্ৰুগড় জিলাত অপৰাধ ৰোধ কৰিবলৈ তৎপৰ হৈছে আৰক্ষী । ইয়াৰ মাজতে পিষ্টল, বোমা আৰু নগদ ধনসহ সন্দেহযুক্ত তিনিজন আলফা স্বাধীনৰ লিংকমেন আটক কৰিবলৈ সক্ষম হয় দুলীয়াজান আৰক্ষী । শুকুৰবাৰে নিশা দুলীয়াজান আৰক্ষী থানাৰ পৰিদৰ্শক ভাস্কৰ শইকীয়া, নামৰূপৰ DSP য়ে যুটীয়াভাৱে অভিযান চলাই তিনিজনকৈ আলফা স্বাধীনৰ লিংকমেন আটক কৰে ।
দুলীয়াজানৰ হুকুতা চাৰিআলিস্থিত নতুন বাছ আস্থানৰ এটা ভাৰাঘৰৰ পৰা বিতুপন গগৈক আটক কৰা পাছতেই জেৰা চলোৱাৰ অন্তত দুলীয়াজান আৰু টেঙাখাটৰ পৰা ভৰত হাজাৰী আৰু বলীন গগৈক আৰক্ষীয়ে আটক কৰে । বিতুপন গগৈ ওৰফে (জয়ন্ত অসম)ৰ পৰা এটা পিষ্টল, এটা বোমা লগতে নগদ প্ৰায় ৫০ হাজাৰ টকা আৰক্ষীয়ে জব্দ কৰা বুলি জানিব পৰা গৈছে ।
তথ্য মতে, আটকাধীন বিতুপন গগৈ ওৰফে জয়ন্ত অসমৰ নেতৃত্বত ১৫ জনীয়া দলে উজনিৰ বিভিন্ন প্ৰান্তত কাম কৰি থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে । এই দলটোৱে বৰ্তমানলৈকে প্ৰায় ১ কোটি টকা বিভিন্ন স্থানত ধন দাবী কৰি সংগ্ৰহ কৰিছে ।
২৬ জানুৱাৰীৰ পুৰ্বে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ পৰিকল্পনা কৰিছিল । দুলীয়াজানৰ টেঙাখাতত থকা অইলৰ খাদত বোমা বিস্ফোৰণ কৰিবলৈ পৰিকল্পনা কৰাৰ কথা নিজে স্বীকাৰ কৰিছে দলটোৰ নেতৃত্বত থকা বিতুপন গগৈ ওৰফে জয়ন্ত অসমে ।
আৰক্ষীয়ে তিনিওজনকে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । এই দলটো প্ৰকৃততে আলফা স্বাধীনৰ সৈতে কেনেধৰণে জড়িত নে এইসকল ভুৱা সংগঠনৰ সদস্য সেই কথা আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব । এই বিষয়ত আৰক্ষীয়ে আনুষ্ঠানিক ভাৱে একো বিষয় ৰাজহুৱা কৰা নাই ।
- গণৰাজ্য দিৱসৰ দিনা শক্তি প্ৰদৰ্শন কৰিবলৈ পৰিকল্পা কৰাৰ কথা স্বীকাৰ বিতুপন গগৈ ওৰফে জয়ন্ত অসমৰ:
আৰক্ষীৰ জালত পৰা পাছতে সংবাদ মাধ্যমত বিস্ফোৰক স্বীকাৰোক্তি দিছে বিতুপন গগৈ ওৰফে জয়ন্ত অসমে । আৰক্ষীৰ জালত পৰা বিতুপন গগৈয়ে কয়, "শিৱসাগৰৰ সুৰজ গগৈ নামৰ ব্যক্তি এজনৰ সৈতে ডিমাপুৰলৈ গৈ NSCN (K)ৰ পৰা প্ৰশিক্ষণ লৈছিলো । মোৰ তত্বাৱধানত ১৫জন ব্যক্তি জড়িত আছে । লগতে বৰ্তমানলৈকে প্ৰায় ১ কোটি টকা সংগ্ৰহ কৰিছো ।"
গণৰাজ্য দিৱসৰ দিনা শক্তি প্ৰদৰ্শন কৰিবলৈ দুলীয়াজানৰ টেঙাখাটত থকা অইলৰ খাদত বোমা বিস্ফোৰণ কৰিবলৈ পৰিকল্পনা কৰাৰ লগতে দুলীয়াজানতো বোমা বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰে বিতুপন গগৈ ওৰফে জয়ন্ত অসমে ।