যোৰহাট : ভ্ৰাম্যমাণ জগতক যেন বিতৰ্কই লগ নেৰা হৈছে ! নিতৌ বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ থাকে নানা থিয়েটাৰ গোষ্ঠীৰ বিৰুদ্ধে ৷ শেহতীয়াকৈ বিতৰ্কৰ মাজত নাম সোমাই পৰিছে আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ ৰুদ্ৰাক্ষৰ ৷
আয়োজক সমিতিৰ সৈতে চুক্তিবদ্ধ হৈ আৰু আগধন লৈ নাটক মঞ্চস্থ কৰিবলৈ নাহিল আগশাৰীৰ থিয়েটাৰ গোষ্ঠী ৰুদ্ৰাক্ষ । ক্ষতিপূৰণ বিচাৰি আৰু এনে প্ৰতাৰণাৰ বিৰুদ্ধে ৰুদ্ৰাক্ষ থিয়েটাৰ গোষ্ঠীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আয়োজক সমিতিয়ে ।
ঘটনাটো কিছু এনেধৰণৰ, সকলো আয়োজন আৰু প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ, দৰ্শকো সাজু থিয়েটাৰ চাবলৈ, কিন্তু সময়ত নচলিল নাটক ৷ চলিল অন্য নাটকহে ৷ ৰুদ্ৰাক্ষ থিয়েটাৰ গোষ্ঠীয়ে ক’লে থিয়েটাৰ প্ৰদৰ্শন নকৰো বুলি ৷

হাহাকাৰ লাগি গ’ল আয়োজক সমিতিৰ মাজত । উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপিল আয়োজক সমিতি ৷ থিয়েটাৰ গোষ্ঠীৰ প্ৰতাৰণাৰ বিৰুদ্ধে আয়োজক সমিতিয়ে তিতাবৰ আৰক্ষী থানাত ৰুজু কৰিলে এক গোচৰ ।

উল্লেখ্য যে, তিতাবৰ সমজিলাৰ বেছিক ডায়েট খেলপথাৰত ২০, ২১, ২২ জানুৱাৰী এই তিনিটা দিনৰ বাবে বিষ্ণু-জ্যোতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল ৰুদ্ৰাক্ষ থিয়েটাৰক আমন্ত্ৰণ জনাই চুক্তিবদ্ধ হৈছিল আয়োজক সমিতি ।

থিয়েটাৰ প্ৰদৰ্শনীৰ সকলো ব্যৱস্থা আয়োজক সমিতিয়ে এশ শতাংশ সম্পূৰ্ণ কৰিছিল আৰু সোমবাৰ পৰা আৰম্ভ হ’বলগীয়া থিয়েটাৰখনৰ মালিকপক্ষই কোনো আগতীয়া জাননী নিদিয়াকৈ হঠাৎ থিয়েটাৰখন বাতিল কৰি দিয়ে ।
আয়োজক সমিতিয়ে বাৰম্বাৰ থিয়েটাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰে যদিও আজি পৰ্যন্ত উপস্থিত নহ’ল থিয়েটাৰৰ কলা-কুশলী আৰু থিয়েটাৰ গোষ্ঠীটো ।

এতিয়া ৰুদ্ৰাক্ষ থিয়েটাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি সমিতিৰ বিষয়ববীয়াই কৈছে যে থিয়েটাৰ গোষ্ঠীটোৱে কেৱল তেওঁলোককেই প্ৰতাৰণা কৰা নাই, ৰাইজকো প্ৰতাৰণা কৰিছে ৷ ইতিমধ্যেই টিকট বিক্ৰী সম্পূৰ্ণ হৈছিল, এতিয়া থিয়েটাৰ নচলাত আয়োজক সমিতি নিশ্চয়কৈ দৰ্শকৰ আগত লাজত পৰিছে ৷

তেওঁলোকে অৱশ্যে ৰাইজৰ পৰা সংগ্ৰহ কৰা ধন দহ দিনৰ ভিতৰত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে । ইয়াৰ লগতে সমিতিৰ বিষয়ববীয়াই কয়, "চুক্তি অনুসৰি আমি থিয়েটাৰখনৰ বাবে যিখিনি ধন ব্যয় কৰিলো, সেয়া সমুদায় ঘুৰাই দিব লাগিব, অন্য়থা আমি আইনী ব্যৱস্থাৰ জৰিয়তে ৰুদ্ৰাক্ষ থিয়েটাৰ গোষ্ঠীৰ বিৰুদ্ধে যুঁজ দিম ৷"
লগতে পঢ়ক : এইবাৰ বৃন্দাবন থিয়েটাৰ এৰিলে অভিনেত্রী দেৱাশ্ৰী দাসে: কিয় এৰিলে শুনক তেওঁৰ মুখেৰেই-