কলকাতা : আৰ জি কৰ ধৰ্ষণকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হ’ল সঞ্জয় ৰয় ৷ কিন্তু এই ৰায়দানক লৈ সন্তুষ্ট নহয় ৰাজ্য চৰকাৰ ৷ সেয়ে সঞ্জয় ৰয়ৰ সৰ্বোচ্চ শাস্তি বিচাৰি কলিকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ৰাজ্য চৰকাৰে । মঙলবাৰে পুৱা ন্যায়াধীশ দেবাংশু বাছাক আৰু ন্যায়াধীশ মহম্মদ শ্বাব্বৰ ৰছিদীৰ সংমণ্ডল বিচাৰপীঠত মহাধিবক্তা কিশোৰ দত্তই এই আবেদন দাখিল কৰে ৷
সোমবাৰে আৰ জি কৰ গোচৰত শিয়ালদহ আদালতৰ ন্যায়াধীশ অনিৰ্বাণ দাসে ৰায় ঘোষণা কৰাৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ৰায়দানত সুখী নহয় বুলি কয় । লগতে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়লৈ যাব বুলিও কয় । সেই অনুসৰি ৰাজ্য চৰকাৰে আজি সৰ্বোচ্চ শাস্তি (মৃত্যুৰ শাস্তি)ৰ দাবীত কলকতা উচ্চ ন্যায়ালয়ৰ কাষ চাপে ।
আৰ জি কৰ গোচৰত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে শিয়ালদহ আদালতে । ৰাজ্যখনে এতিয়া ন্যায়ালয়ৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে । ৰাজ্য চৰকাৰৰ হৈ যুক্তি দিব এডভোকেট জেনেৰেল কিশোৰ দত্তই । সঞ্জয় ৰয়ৰ সৰ্বোচ্চ শাস্তি অৰ্থাৎ মৃত্যুদণ্ডৰ দাবীত ন্যায়াধীশ দেবাংশু বাছাকৰ আদালতত গোচৰ ৰুজু কৰাৰ অনুমতি বিচাৰিছিল ৰাজ্যখনে । ন্যায়াধীশে গোচৰ ৰুজু কৰিবলৈ অনুমতি প্ৰদান কৰে ।
শিয়ালদহৰ এখন আদালতে শনিবাৰে চিকিৎসা বিজ্ঞানৰ ছাত্ৰীক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰিছিল । সোমবাৰে অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ অনিৰ্বাণ দাসে সঞ্জয় ৰয়ক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে । আনহাতে ন্যায়াধীশগৰাকীয়ে ৰাজ্য চৰকাৰক ভুক্তভোগীৰ পৰিয়ালটোক মুঠ ১৭ লাখ টকা ক্ষতিপূৰণ দিবলৈও নিৰ্দেশ দিয়ে ।
ভাৰতীয় দণ্ডবিধিৰ ৬৪, ৬৬ আৰু ১০৩(১) ধাৰাত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনা বিহা হয় । কিন্তু কালি শিয়ালদহ আদালতৰ ন্যায়াধীশে এই নিৰ্দেশ দিয়াৰ পাছতে বিভিন্ন পক্ষই নিজৰ অসন্তুষ্টি ব্যক্ত কৰে ৷
মঙলবাৰে পুৱা ৰাজ্যৰ মহাধিবক্তা কিশোৰ দত্তই ন্যায়াধীশ বাছাকৰ খণ্ড বিচাৰপীঠৰ দৃষ্টি আকৰ্ষণ কৰি আৰ জি কৰ হাস্পতালত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ দোষত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰয়ৰ সৰ্বোচ্চ শাস্তি অৰ্থাৎ মৃত্যুদণ্ড বিচাৰি গোচৰ ৰুজু কৰাৰ অনুমতি বিচাৰিছে । বিচাৰপীঠে সেই অনুমতিও প্ৰদান কৰে ।