নগাঁও : প্ৰায় 72 ঘণ্টা ধৰি চলা এক শ্বাসৰুদ্ধকৰ পৰিস্থিতি ৷ প্ৰাণৰ শংকাত ভুগি আছিল সাধাৰণ ৰাইজ ৷ নিজৰ ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতি ৷ কোন সময়ত কি বিপদ হয় তাৰ কোনো ঠিক নাই ৷ এনেদৰে যোৱা চাৰিটা দিন অতিবাহিত কৰি আছিল মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱৰ ৰাইজে ৷ কাৰণ চহৰৰ জনবহুল এলেকাত ঘূৰি ফুৰিছিল বনৰজা ৷
এটা বাঘ, নাহৰফুটুকী বাঘ ৷ অৱশেষত স্বস্তিৰ নিশ্বাস পেলালে নগঞা ৰাইজে ৷ অৰণ্যৰ পৰা জন অৰণ্যলৈ ওলাই আহি জনতাক ঢোকে ঢোকে পানী খুউওৱা নাহৰফুটুকী অৱশেষত পিঞ্জৰাৱদ্ধ হ’ল ৷ কিন্তু তাৰ বাবে সময় বিয়াগোম বন বিভাগৰ সময় লাগিল প্ৰায় চাৰিটা দিন ৷
- শনিবাৰে পুৱাই লাগিল হুৱা-দুৱা
নগাঁও চহৰত শনিবাৰে পুৱাই এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয় । বিগত চাৰিদিন ধৰি চহৰবাসীক আতংকিত কৰি ৰখা এটা নাহৰফুটুকী আজি পুৱাই নগাঁও চহৰৰ মাজমজিয়াৰ ঢাকাইপট্টিত বিচৰণ কৰি থকাৰ দৃশ্য এখন দোকানৰ চিচিটিভি কেমেৰাত বন্দী হয় । ইয়াৰ পাছতেই আতংকিত হৈ পৰে ঢাকাইপট্টিৰ বাসিন্দা ।
প্ৰথমে যোৱা বুধবাৰে নগাঁও চহৰৰ আমোলাপট্টিৰ এটা নিৰ্মিয়মান অট্টালিকাত আশ্ৰয় লৈ থকা অৱস্থাত স্থানীয় লোকে নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি খবৰ দিছিল বন বিভাগক । পৰৱৰ্তী সময়ত বন বিভাগে বাঘটো ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা চলাওতেই খঙতে জপিয়াই পলায়ন কৰিছিল বাঘটো । তাৰ পাছৰে পৰাই বাঘটোৰ কোনো সন্ধান নোপোৱাত অধিক আতংকিত হৈ পৰে নগাঁও চহৰৰ বাসিন্দাসকল ।
পৰৱৰ্তী সময়ত বাঘটোৰ কোনো সন্ধান নাছিল যদিও শনিবাৰে পুৱাই সদাব্যস্ত ঢাকাইপট্টিত বাঘে দৌৰি ফুৰাৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতেই স্থানীয় লোক আতংকিত হৈ পৰাৰ লগতে খবৰ দিয়ে স্থানীয় বন বিভাগক । পাছত বন বিভাগৰ লোকে নগাঁও চহৰৰ ঢাকাইপট্টিৰ জয়দ্বীপ সিংহৰ এটা অট্টালিকাৰ পিছফালে বাঘটোৱে আশ্ৰয় লৈ থকা অৱস্থাতেই বন বিভাগৰ লোকে প্ৰত্যক্ষ কৰি প্ৰস্তুতি চলাই ট্ৰেংকুলাইজ কৰিবলৈ ।
প্ৰায় ডেৰ ঘন্টীয়া এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান ঘটাই অৱশেষত বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় বন বিভাগে ।
- ক’লৈ নিয়া হ'ব ট্ৰেংকুলাইজ কৰা বাঘটো?
কেৱল পুৱাৰ ডেৰঘণ্টীয়াই নহয়, প্ৰায় চাৰিদিনীয়া এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ যেন অৱসান ঘটাবলৈ সক্ষম হ'ল নগাঁৱৰ বন বিভাগে । বিগত চাৰিদিনে নগাঁও চহৰত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটো কৰায়ত্ত কৰিবলৈ বন বিভাগৰ লোকে পিঞ্জৰাৰ ব্যৱস্থা কৰাৰ উপৰি ট্ৰেংকুলাইজ কৰিবলৈ পৰ্যাপ্ত বেজি আদিৰ ব্যৱস্থা কৰি বাঘটোক ট্ৰেংকুলাইজ কৰে ।
প্ৰথমে বন বিভাগৰ কাৰ্যালয়তে বাঘটোৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত বাঘটোক গুৱাহাটী ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱাৰ কথা জানিবলৈ দিয়ে নগাঁও বন বিভাগৰ সংমণ্ডল বিষয়াই । গুৱাহাটী চিৰিয়াখানাত বাঘটোৰ পুনৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকৰ নিৰীক্ষণত ৰখা হ'ব বুলি জানিবলৈ দিয়ে বন বিষয়াগৰাকীয়ে ।
- ক'ৰ পৰা নগাঁও চহৰলৈ আহিছে নাহৰফুটুকী ?
ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতেই নগাঁও চহৰৰ অতি ব্যস্ত আমোলাপট্টিত নাহৰফুটুকী বাঘে আশ্ৰয় লৈ থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে । তাৰ পাছৰ পৰাই বিগত চাৰিদিনে আতংকৰ সৃষ্টি হৈছিল চহৰখনত । কিন্তু অতি ব্যস্ত নগাঁও চহৰত নাহৰফুটুকীটো ক'ৰ পৰা আহিল তাক লৈ স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে প্ৰশ্নৰ ।
বাঘটো বামুনী অথবা চোৱাং বনাঞ্চলৰ পৰা বাঘটো নিশাই দিকবিদিক হেৰুৱাই নগাঁও চহৰত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে নগাঁও বন বিভাগে । এই সন্দৰ্ভত নগাঁও বন সংমণ্ডল বিষয়াগৰাকীয়ে জনোৱা মতে, নিশাই বামিনী অথবা চোৱাং বনাঞ্চলৰ পৰা বাঘটো আহি নগাঁও চহৰত প্ৰৱেশ কৰিছে ।
উল্লেখ্য় যে, বিগত কিছুদিন ধৰিয়েই মধ্য অসমৰ বিশেষকৈ নগাঁও জিলাত জনাঞ্চলত বাঘৰ বিচৰণে সৃষ্টি কৰি আহিছে আতংকৰ । বিগত বৰ্ষৰ জুলাইতেই লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘে প্ৰথমে জুৰীয়াৰ কলাডুবা, পুঠিমাৰীকে ধৰি কেইবাটাও অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰাৰ উপৰি ধিঙৰ বিভিন্ন অঞ্চলতো প্ৰৱেশ কৰি কেইবাজনো লোকক আক্ৰমণ কৰি আহত কৰিছিল । আনকি বাঘটো কৰায়ত্ত কৰিবলৈ চেষ্টা কৰাৰ সময়তেই বনকৰ্মীকো আক্ৰমণ কৰি আহত কৰিছিল বাঘটোৱে ।
বন বিভাগৰ প্ৰায় তিনিমহীয়া প্ৰচেষ্টাৰ অন্তত বাঘটো কৰায়ত্ত কৰিবলৈ সক্ষম হয় । কেৱল জুৰীয়া অথৱা ধিং অঞ্চলতেই নহয়, বিগত প্ৰায় দুই-তিনি মাহ ধৰি নগাঁৱৰ কলিয়াবৰৰ বিভিন্ন অঞ্চলতো বাঘে জনাঞ্চলত প্ৰৱেশ কৰি কেইবাজনো লোকক আক্ৰমণ কৰিছিল । কলিয়াবৰৰ বিশেষকৈ চাহ বাগিছা এলেকাত বাঘে বিচৰণ কৰাৰ সময়ৰ পৰাই এই প্ৰৰ্যন্ত নিৰুদ্দেশ হৈ আছে কেইবাজনো লোক ।
ইয়াৰ মাজতে যোৱা ২২ ডিচেম্বৰত কলিয়াবৰৰ বাসুদেৱ কৰ্মকাৰ নামৰ একৰাকী লোকৰ ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ । আনহাতে কলিয়াবৰৰ লক্ষীৰাম ভূমিজকে ধৰি কেইবাজলো লোকৰ আজি পৰ্যন্ত উলিয়াব পৰা নাই কোনো সন্ধান ।
নগাঁও চহৰত আতংকৰ সৃষ্টি কৰা বাঘটো শনিবাৰে বন বিভাগৰ লোকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাত চহৰখনৰ আতংক মাৰ গৈছে যদিও নগাঁও জিলাৰে কলিয়াবৰ অঞ্চলত আজিও বাঘৰ আতংক অব্যাহত থকা বুলি স্থানীয় লোকে মন্তব্য় কৰে ।