কাইলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়ৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী
🎬 Watch Now: Feature Video
বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত চলিব নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ শুনানি ৷ দেশৰ মুখ্য ন্যায়াধীশ শৰৎ অৰবিন্দ ববদেৰ নেতৃত্বত গঠিত তিনিজনীয়া খণ্ড বিচাৰপীঠে এই আইনখনৰ শুনান গ্ৰহণ কৰিব ৷ শুনানিৰ প্ৰতি লক্ষ্য ৰাখিছে উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ্থী সমাজে অহাকালি অৰ্থাৎ 22 জানুৱাৰীত শ্ৰেণীবৰ্জন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ শ্ৰেণীবৰ্জনৰ সমান্তৰালকৈ কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত চলিব প্ৰতিবাদী কাৰ্যসূচী ৷ এই কথা প্ৰকাশ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে ৷