ETV Bharat / entertainment

অস্কাৰৰ দৌৰত কণ্ঠশিল্পী ইমন চক্ৰৱৰ্তীৰ গান - IMAN CHAKRABORTY OSCARS 2025

অস্কাৰৰ প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় বঁটা বিজয়ী তাৰকা ইমন চক্ৰৱৰ্তীৰ গীত ৷ আৱেগিক হৈ পৰিছে গায়িকগৰাকী ৷

iman chakrabortys song iti maa from the movie putul nominate in 2025 oscars race
ইমন চক্ৰৱৰ্তী (ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : Dec 4, 2024, 1:48 PM IST

হায়দৰাবাদ : ৰাষ্ট্ৰীয় বঁটা লাভ কৰি এতিয়া অস্কাৰৰ দৌৰত নামিছে ইমন চক্ৰৱৰ্তী । ২০২৫ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ’ব একাডেমী বঁটা । চূড়ান্ত ৰাউণ্ডৰ বাছনি প্ৰক্ৰিয়া চলি আছে । এই বঁটা প্ৰদান অনুষ্ঠানৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৮৯ টা গীত আৰু ১৪৬টা আৱহসংগীত নিৰ্বাচিত কৰা হৈছে আৰু ইয়াতে স্থান পাইছে ইমন চক্ৰৱৰ্তীৰ এটি গানে ।

মন কৰিব যে এইবাৰ প্ৰথমবাৰৰ বাবে বাংলা সংগীতশিল্পীৰ গীত অস্কাৰৰ দৌৰত অন্তৰ্ভুক্ত হৈছে । ইন্দিৰা ধৰ মুখাৰ্জীৰ পৰিচালনাত নিৰ্মিত ‘পুতুল’ ছবিৰ ‘ইতি মা’ গীতটোৱে এই তালিকাত স্থান লাভ কৰিছে । এই সন্দৰ্ভত ইটিভি ভাৰতে ইমনৰ সৈতে যোগাযোগ কৰে । তেওঁ কয়, "এই খবৰটো পাই মই স্বাভাৱিকতে স্তম্ভিত হৈ পৰিছিলো । তাৰ পিছত মই মোৰ পৰিয়ালক ক'লো । দেউতা, নীলাঞ্জন সকলো বহুত সুখী হৈ পৰে । আৰু মইয়ো সুখী । মই টলীউড উদ্যোগক ধন্যবাদ দিম । লগতে মোৰ সতীৰ্থ সকলকো ।"

এই দৌৰত ইমনৰ প্ৰতিদ্বন্দ্বী হৈছে লেডী গাগা, এল্টন জন, মাইলী চাইৰাছ, এড শ্বিৰানৰ দৰে আন্তঃৰাষ্ট্ৰীয় তাৰকা । তেওঁলোকৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছে বংগৰ কন্যা ইমন চক্ৰৱৰ্তীয়ে । তেওঁৰ ভাষ্য, "মই সুখী অনুভৱ কৰিছো । মই প্ৰতিযোগিতাত আছো । মই আশাবাদী । বাকীখিনি সময়ে ক'ব ।" ইমন চক্ৰৱৰ্তী এগৰাকী অন্যতম জনপ্ৰিয় সংগীতশিল্পী । বৰ্তমান তেওঁ ‘সাৰেগামাপা’ৰ বিচাৰক হিচাপে কাম কৰি আছে । ৰাষ্ট্ৰীয় বঁটা বিজয়ী সংগীতশিল্পীগৰাকীয়ে শ্বুটিং কৰাৰ সময়ত তেওঁৰ গীতটো অস্কাৰ দৌৰত থকাৰ খবৰ পাইছিল ।

২০২৫ চনত অকাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰা ভাৰতৰ প্ৰথমখন ছবি হিচাপে ঘোষণা কৰা হৈছে কিৰণ ৰাওৰ ‘লাপাতা লেডীজ’ । ২৯ খন ছবিৰ ভিতৰত কিৰণৰ এই ছবিখনে শ্ৰেষ্ঠ হিচাপে স্থান লাভ কৰিছে এই তালিকাত ৷ পিছ পৰি আছে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ আৰু ‘আট্টম’ ৷

অস্কাৰলৈ নিৰ্বাচিত হোৱাৰ পিছত আমিৰ খান প্ৰডাকশ্যনে ছবিখনৰ নাম সলনি কৰি ‘লষ্ট লেডীজ’ কৰে ৷ ছবিখনৰ নাম সলনি কৰাৰ পিছত সামাজিক মাধ্যমত বহু বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হয় পৰিচালক কিৰণ ৰাও আৰু প্ৰযোজক আমিৰ খান ।

লগতে পঢ়ক: ‘পুষ্পা ২’ ৰ কাৰণে মুক্তিৰ তাৰিখ সলনি হোৱা ‘তাৰিখ’ ৰ বিশেষ সফলতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.