ETV Bharat / sports

15 বছৰৰ পিছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বাংলাদেশৰ টেষ্টত ঐতিহাসিক জয় - BAN VS WI TEST SERIES 2024

WI vs BAN 2nd Test: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচত 101 ৰাণত জয়লাভ বাংলাদেশৰ ৷ শৃংখলাত সমতা স্থাপন ৷

Ban vs WI Test series 2024
বাংলাদেশৰ ঐতিহাসিক জয় (AFP PHOTO)
author img

By ETV Bharat Sports Team

Published : Dec 4, 2024, 1:44 PM IST

স্প’ৰ্টছ ডেস্ক: বাংলাদেশ-ৱেষ্ট ইণ্ডিজৰ মাজত চলি আছে টেষ্ট শৃংখলা ৷ চাবিনা পাৰ্কত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন মেচত বাংলাদেশে আয়োজক দল ৱেষ্ট ইণ্ডিজক 101 ৰাণত পৰাস্ত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰে ৷

বিগত 15 বছৰত ৱেষ্ট ইণ্ডিজত প্ৰথমখন টেষ্ট জয় কৰে বাংলাদেশে । মেচৰ দ্বিতীয় ইনিংছত জাইকাৰ আলীৰ 91 ৰাণৰ সহায়ত ৱেষ্ট ইণ্ডিজক 287 ৰাণৰ লক্ষ্য বান্ধি দিয়ে বাংলাদেশে ৷ বাওঁহতীয়া স্পিনাৰ টাইজুল ইছলামে ৱেষ্ট ইণ্ডিজৰ 5 টা উইকেট দখল কৰি দলটোৰ জয়ত আগবঢ়াই গুৰুত্বপূৰ্ণ ভূমিকা ৷

বাংলাদেশৰ উন্নত প্ৰদৰ্শনৰ বাবে 185 ৰাণত সীমাবদ্ধ হৈ ৰয় ৱেষ্ট ইণ্ডিজ ৷ আয়োজক দলটোৰ হৈ কাভেম হজ (55) আৰু অধিনায়ক ক্ৰেগ ব্ৰেথৱেটে (43) ৰাণ সংগ্ৰহ কৰি দলটোৰ পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও টাইজুলে গুৰুত্বপূৰ্ণ মুহূৰ্তত উইকেট দখল কৰি বাংলাদেশক স্মৰণীয় বিজয় প্ৰদান কৰে ৷

মেচৰ নায়কত পৰিণত টাইজুল ইছলাম

অভিজ্ঞ স্পিনাৰ টাইজুলে চতুৰ্থ দিনা 50 ৰাণ খৰচ কৰিয়েই 5 টাকৈ উইকেট দখলৰে বিজয়ৰ নায়কত পৰিণত হৈছিল ৷ বলাৰগৰাকীয়ে 15 বাৰৰ বাবে টেষ্টত পাঁচ উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে ৷ ৱেষ্ট ইণ্ডিজে দ্বিতীয় ইনিংছত মাত্ৰ 185 ৰাণত আউট হোৱাৰ পিছত বাংলাদেশে 2009 চনৰ জুলাইৰ পিছত কেৰিবিয়ান ভূমিত তেওঁলোকৰ প্ৰথমখন টেষ্ট জয় কৰে ।

মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা টাইজুলে এই সন্দৰ্ভত কয়, "বিদেশত এখন টেষ্ট মেচ জিকাটো এক উৎকৃষ্ট অনুভৱ, যিটো আমি প্ৰায়ে জিকিব নোৱাৰো ৷ মেচখনত সকলো খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিছিল" ৷

বাংলাদেশে শৃংখলাত 1-1 ব্যৱধানত সমতা স্থাপন কৰাৰ পিছতে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত এছিয়ান দলটো অষ্টম স্থানলৈ উন্নীত হয় ৷

তাস্কিন আহমেদ আৰু জাইডেন চিলেছলৈ প্লেয়াৰ অৱ দ্য ছিৰিজৰ বঁটা

বাংলাদেশৰ ফাষ্ট বলাৰ তাস্কিন আহমেদ আৰু ৱেষ্ট ইণ্ডিজৰ ফাষ্ট বলাৰ জাইডেন চিলেছে গোটেই মেচখনত ভাল বলিং কৰা সুবাদতে যুটীয়াভাৱে লাভ কৰে প্লেয়াৰ অৱ দ্য ছিৰিজৰ বঁটা ৷

বঁটা লাভ কৰি তাস্কিন আহমেদে কয়, "মই ইয়াৰ বাবে অত্যন্ত সুখী । পুনৰ টেষ্ট ক্ৰিকেটলৈ উভতি অহাটো সহজ নাছিল । কান্ধত আঘাতৰ পিছত যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিছো আৰু আশা কৰো যে আৰু ভাল ফল লাভ কৰিম ৷ আমাৰ দ্ৰুত বলিং গোটটো যোৱা তিনি বছৰত ক্ৰমান্বয়ে উন্নত হৈ আহিছে" ।

আনহাতে, জাইডেন চিলেছে এনেদৰে কয় "মই মোৰ লেংথ নিয়ন্ত্ৰণ কৰিবলৈ, বেটছমেনসকলৰ ওপৰত চাপ দিবলৈ আৰু যিমান সম্ভৱ স্থিৰ হ'বলৈ চেষ্টা কৰি আছো ৷ মই ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাত সেয়া কৰিবলৈ সক্ষম হৈছিলো ৷ তাৰপিছত মই দক্ষিণ আফ্ৰিকা শৃংখলাত এইটো কৰিছিলো আৰু এতিয়া বাংলাদেশৰ বিৰুদ্ধেও একেটা কৃতিত্বকে অৰ্জন কৰিছো" ।

সংক্ষিপ্ত স্ক’ৰ

  • বাংলাদেশ 164 আৰু 268 (শদমান ইছলাম 64, জাইকাৰ আলী 91)
  • ৱেষ্ট ইণ্ডিজ 146 আৰু 185 (কাভেম হজ 55, ক্ৰেগ ব্ৰেথৱেট 43, নাহিদ ৰাণা 5-61, টাইজুল ইছলাম 5-50)
  • 101 ৰাণত জয়লাভ বাংলাদেশৰ

লগতে পঢ়ক: 761 ৰাণৰ প্ৰত্যুত্তৰত 7 ৰাণত অল আউট; ভাৰততে অনুষ্ঠিত হৈছিল এইখন খেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.