ETV Bharat / state

কংগ্ৰেছ দলক এৰি বিজেপিক পৰাভূত কৰাটো অসম্ভৱ: ভূপেন বৰা - APCC PRESIDENT BHUPEN BORA

জনতাৰ চোতালে-চোতালে ঘূৰিছে কংগ্ৰেছ । তিনিচুকীয়াৰ মাকুমত 'চোতালে-চোতালে কংগ্ৰেছ' কাৰ্যসূচী ৰূপায়ণ কৰি সকলোকে একত্ৰিত হোৱাৰ আহ্বান ভূপেন বৰাৰ ।

APCC president Bhupen Bora react over Delhi Assembly election result
তিনিচুকীয়াৰ মাকুমত 'চোতালে চোতালে কংগ্ৰেছ' কাৰ্যসূচী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 11:14 AM IST

তিনিচুকীয়া: আগন্তুক বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধী দুই পক্ষই ইতিমধ্যে ককালত টঙালি বান্ধিছে । কংগ্ৰেছ দলে বিগত দিনসমূহত 'বাগিচাই বাগিচাই কংগ্ৰেছ' কাৰ্যসূচীৰ পাছত বিজেপিক পৰাভূত কৰিবলৈ এইবাৰ 'চোতালে চোতালে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰিছে । বিগত লোকসভা আৰু উপ-নিৰ্বাচনত বিজেপিৰ হাতত কংগ্ৰেছ দল পৰাস্ত হোৱাৰ পাছত কংগ্ৰেছে নতুন নতুন ৰণনীতি প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে ।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে ৰাজ্যৰ পঞ্চায়ত নিজৰ দখললৈ আনিবলৈ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে । সমষ্টি পুনৰনিৰ্ধাৰণৰ পাছত নৱগঠিত ৮৫ নং মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত লাংকাছি গাঁও পঞ্চায়তৰ শিমলুগুৰি চুকৰ নিবাসী দ্বীপেন চুতীয়াৰ চোতালত সোমবাৰে আয়োজিত 'চোতালে চোতালে কংগ্ৰেছ' শীৰ্ষক সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ।

তিনিচুকীয়াৰ মাকুমত 'চোতালে চোতালে কংগ্ৰেছ' কাৰ্যসূচী (ETV Bharat Assam)

সভাপতিগৰাকী উপস্থিত হোৱাৰ লগে লগে বিহু আৰু ঝুমুৰ দলেৰে উষ্ম আদৰণি জনাই স্থানীয় ৰাইজে । সভাখনত উপস্থিত ৰাইজে বৰ্তমানৰ সময়ৰ কেইবাটাও সমস্যা যেনে ৰাজ্যত মহিলা অসুৰক্ষিত, মূল্যবৃদ্ধি, মাকুম সমষ্টিৰ লাইনা গাঁৱৰ সোণোৱাল-কছাৰী লোকসকলে আজিকোপতি মাটিৰ পট্টা লাভ নকৰা, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আদি বিষয়সমূহকলৈ প্ৰশ্ন কৰাত সভাপতিগৰাকীয়ে ৰাইজৰ উত্তৰ হিচাপে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি ভাষণ প্ৰদান কৰে ।

ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কৰা কামৰ খতিয়ান দাঙি ধৰি ৰাইজৰ ধনেৰে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে বাগিচাসমূহ ক্ৰয় কৰা বিষয়টো উত্থাপন কৰে । ইফালে, আগন্তুক নিৰ্বাচনত বিজেপি দলক পৰাস্ত কৰিবলৈ সকলো ৰাজনৈতিক দলেই এৰাধৰা মনোভাৱেৰে আগবাঢ়িব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়,"সাম্প্ৰদায়িক, বিভাজনকামী ৰাজনীতিক অসমৰ মাটিৰ পৰা বিদায় দিবৰ কাৰণে আমি সকলো আন্তৰিকতাৰে একত্ৰিত হ'ব বিচাৰিছো । এৰা-ধৰাৰ মনোভাৱ আমাৰ থাকিব লাগিব । আমিও এৰিব লাগিব, বেলেগেও অলপ এৰিব লাগিব ।"

নতুন দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰসংগত বৰাই কয়, "যদি ভোটৰ হাৰ চাই তেন্তে দেখিব, ১৪ খন আসনত আম আদমী পাৰ্টী হাৰিছে কংগ্ৰেছ প্ৰাৰ্থী থকাৰ কাৰণে । আনকি মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী এওঁলোক যে হাৰিছে, তাত দহ ভাগৰ এভাগ ভোট যদি আপে পালেহেতেন আজি আপৰ চৰকাৰ হ'লহেতেন । কেজৰিৱাল ডাঙৰীয়াৰ যিটো আঁকোৰগোঁজ স্থিতি আছিল যে মই অকলে সকলো কৰিম, মোক কাকো লগত নালাগে আৰু যিটো অহংকাৰ আছিল তাৰ অধঃপতন হৈছে ।"

এ পি চি চিৰ সভাপতিগৰাকীয়ে লগতে কয়, "আজি কংগ্ৰেছ দল কৰ'বাত শক্তিশালী হ'ব পাৰে, কৰ'বাত দুৰ্বল হ'ব পাৰে । কিন্তু কংগ্ৰেছ দলৰ যিটো ভেটি গোটেই দেশজুৰি আছে, বিজেপিক যদি প্ৰতিহত কৰিবলৈ হয় কৰ'বাত কংগ্ৰেছ সন্মুখত থাকিব, আন কৰ'বাত দ্বিতীয়ত থাকিব । কিন্তু কংগ্ৰেছক বাদ দি এইটো সম্ভৱ নহ'ব । আমি তাৰপৰা এটা শিক্ষা লৈছো যে, যদি বিজেপি বিৰোধী ভোট বিভাজন আমি কৰো, তেতিয়া সুযোগটো বিজেপিয়ে পাব । গতিকে অসমীয়া জাতীয় স্বাৰ্থত, বিভাজনকামী, সাম্প্ৰদায়িক, ফেচিষ্ট এই দলটোক বিদায় দিবলৈ হ'লে ত্যাগৰ মনোভাৱ লৈ আমি বুজাবুজি কৰিবই লাগিব ।"

উল্লেখ্য যে 'চোতালে চোতালে কংগ্ৰেছ' কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সংগ দিয়ে তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটীৰ সভাপতি জয়ন্ত কলিতা, চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, কংগ্ৰেছ নেতা ক্ৰমে শিৱনাথ চেতিয়া, মৌচম বৰুৱা, ডেভিদ ফুকনকে প্ৰমুখ্যে অন্যান্য দলীয় কৰ্মীসকলে ।

লগতে পঢ়ক: বাহিৰে ৰং-চং আৰু ভিতৰে কোৱা-ভাতুৰী : কেন্দ্ৰীয় বাজেটৰ পোষ্টমৰ্টেম কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ - UNION BUDGET 2025

বিজেপি বিৰোধী যুঁজখন অধিক শক্তিশালী ৰূপত লৈ যাম: ভূপেন বৰা - APCC PRESIDENT BHUPEN BORA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.