ETV Bharat / state

অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয় চৌহদত কোনে পেলাই থৈ গ'ল মহিলাৰ মৃতদেহ ? - DEADBODY RECOVERED IN JORHAT

অনুসূচিত জাতি পৰিষদ যোৰহাট জিলা সমিতিৰ কাৰ্যালয় চৌহদত অচিনাক্ত মহিলাৰ মৃতদেহ । ধৰ্ষণ কৰি হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ।

Woman's body found in Office Premises of Anusushita Jati Parishad in Jorhat
অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয় চৌহদত মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 4:43 PM IST

যোৰহাট: যোৰহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থা কাৰ্যালয় চৌহদত মঙলবাৰে দুপৰীয়াৰ ভাগত এগৰাকী অচিনাক্ত মহিলা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া সৰ্বত্ৰে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ঘটনা বিৱৰণি অনুসৰি যোৰহাট নগৰৰ পুৰণা আৱৰ্ত ভৱন পথৰ সমীপত থকা সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থা কাৰ্যালয় চৌহদৰ ভিতৰত এগৰাকী মহিলা মৃতদেহ প্ৰত্যক্ষ কৰি অনুসূচিত জাতি পৰিষদৰ এজন বিষয়ববীয়াই যোৰহাট আৰক্ষীক অৱগত কৰে ।

ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতাললৈ প্ৰেৰণ কৰে । অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মৃতদেহটোৱে সৃষ্টি কৰিছে ৰহস্যৰ ।

অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয় চৌহদত মৃতদেহ উদ্ধাৰ (ETV Bharat Assam)

এই সন্দৰ্ভত অনুসূচিত জাতি পৰিষদৰ এজন বিষয়ববীয়াই কয়, "অনুসূচিত জাতি পৰিষদ যোৰহাট জিলা সমিতিৰ কাৰ্যালয় চৌহদত এটা নতুন ঘৰৰ নিৰ্মাণকাৰ্য চলি আছে । পূৰণি ঘৰটো ভাঙি আমি নতুন ঘৰটোৰ কাম কৰি আছোঁ । আজি তিনি-চাৰিদিন ধৰি এই ঘৰটোৰ ভঙা-চিঙা কাম চলি আছে । দিনৰ যিখিনি কাম সেইখিনি কৰি আমি সন্ধিয়া গুচি যাওঁ । আজি পুৱা কাম কৰা মানুহজন আহি মোলৈ ফোন কৰি মোক মাতে আৰু কয় যে কাৰ্যালয়ৰ পিছফালে মৃতদেহ এটা পৰি আছে ।"

লক্ষ্যণীয় যে, অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ নাক আৰু মুখত আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে । ৩০-৩৫ বছৰীয়া মহিলাগৰাকীক কোনো লোকে ধৰ্ষণ কৰি হত্যা কৰা বুলি যোৰহাটত আৰম্ভ হৈছে চৰ্চা । মৰণোত্তৰ পৰীক্ষাৰ পিছতহে এই ঘটনা পোহৰলৈ আহিব বুলি আৰক্ষী এক সূত্ৰই প্ৰকাশ কৰে ।

লগতে পঢ়ক: কোনে গুলীয়াই হত্যা কৰিলে সুব্ৰত তাঁতীক ? - SHOT DEAD IN TINSUKIA

মাজুলী পালেহি পপীৰ নিথৰ দেহ - MAJULI GIRL MURDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.