ETV Bharat / state

সৰুপথাৰত চিলনী চোৰে থপিয়ালে সোণাৰীৰ বেগ - SNATCHING CASE IN SARUPATHAR

সৰুপথাৰত চিলনী চোৰৰ সন্ত্ৰাস । পুৱাতে এগৰাকী সোণাৰীৰ পৰা লুটি নিলে প্ৰায় ৫ লাখ টকাৰ সোণৰ অলংকাৰৰে ভৰা বেগ ।

Bags filled with gold ornaments snatching by thieves in Sarupothar
সৰুপথাৰত চিলনী চোৰে থঁপিয়ালে সোণাৰীৰ বেগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 6:56 PM IST

সৰুপথাৰ: সৰুপথাৰত দিনকদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । চোৰৰ উপদ্ৰৱে নিদ্ৰা হৰিছে সাধাৰণ ৰাইজৰ । বাইকত অহা দুই চিলনী চুৰে লুটি নিলে ৫ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ । নাৰায়ণ দেৱনাথ নামৰ সোণৰ ব্যৱসায়ীৰ বাইকৰ পৰা লুটি নিয়ে সোণৰ অলংকাৰসমূহ । সৰুপথাৰ নগৰ মাজমজিয়াত সংঘটিত হয় এই ঘটনা । নাৰায়ণ দেৱনাথ নামৰ লোকজনে সৰুপথাৰ নগৰৰ মাজমজিয়াত বাইক ৰখাই মিঠাই কিনিবলৈ যাওঁতেই থপিয়াই লৈ যায় সোণৰ অলংকাৰ থকা বেগটো । ইতিমধ্যে সৰুপথাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

ঘটনা সন্দৰ্ভত নাৰায়ণ দেৱনাথে কয়,"নিতৌ পুৱা ৯/১০ মান বজাত মই অলংকাৰৰ দোকান খুলিবলৈ আহিছিলোঁ । আজি পুৱা দোকান খুলিবলৈ অহাৰ পূৰ্বে মিঠাইৰ দোকানত মিঠাই কিনিবলৈ সোমাইছিলোঁ । লগত আছিল অলংকাৰৰ এটা বেগ । য'ত বহুতো লোকে গঢ়িবলৈ দিয়া গহনাকে ধৰি সোণৰ আ-অলংকাৰ আছিল । মিঠাই লৈ দোকান খুলিবলৈ যোৱাৰ কথা আছিল । তেনেতে মটৰচাইকেলত অহা দুজন ব্যক্তিয়ে কাঢ়ি নিয়ে গহনাৰ বেগটো ।"

সৰুপথাৰত চিলনী চোৰে থঁপিয়ালে সোণাৰীৰ বেগ (ETV Bharat Assam)

ভুক্তভোগী লোকজনে জনোৱা অনুসৰি প্ৰায় ৫ লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আছিল বেগটোত । বহুতো গ্ৰাহকে নিৰ্মাণ কৰিবলৈ দিয়া গহনা, অলংকাৰ থকাৰ কথা উল্লেখ কৰে নাৰায়ণ দেৱনাথে । ওচৰৰে কাপোৰৰ ব্যৱসায়ী এজনে মন্তব্য কৰা অনুসৰি মটৰচাইকেলত আহিছিল দুজন ব্যক্তি । সোণাৰীজনক মিঠাই কিনিবলৈ যোৱা দেখিছিল তেখেতে । সেই সময়তে মটৰচাইকেলত অহা ব্যক্তি দুজনে কাপোৰৰ দোকানীজনৰ লগত কাপোৰৰৰ দৰ-দামত ব্যস্ত হৈছিল বুলিও উল্লেখ কৰে ব্যৱসায়ীগৰাকীয়ে । তেনে মুহুৰ্ততে সোণাৰীজন আহি নিজৰ অলংকাৰ থকা বেগটো নাপালে । বেগেৰে মটৰচাইকেলখন যোৱা দেখিছিল কাপোৰৰ ব্যৱসায়ীজনে ।

লগতে পঢ়ক: উত্তাল ডিফু: পুৱা যদি এটা দলৰ প্ৰতিবাদ, সন্ধিয়ালৈ আনটো দলে কৰে পুত্তলিকা দাহ - APHLC AND BJP PROTEST

মহানগৰীত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক - CHAIN SNATCHING IN GUWAHATI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.