ETV Bharat / state

ইহ-সংসাৰৰ পৰা গ’লগৈ ETV Bharatৰ প্ৰাক্তন ভিডিঅ’ সাংবাদিক পল্লৱ বৰা - PALLAB BORAH IS NO MORE

জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক পল্লৱ বৰা আৰু নাই ৷ হৃদৰোগত আক্ৰান্ত হৈ মঙলবাৰে পুৱাই মৃত্যু হয় জ্যেষ্ঠ ভিডিঅ’ সাংবাদিকগৰাকীৰ ৷

Senior video journalist Pallab Borah
জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক পল্লৱ বৰাৰ অকাল মৃত্যু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 4:31 PM IST

গুৱাহাটী : আজি পুৱাই আহিল এক দুঃখবৰ ৷ সকলোৰে হাঁহি থকা মুখ বা মধুৰ ক্ষণ কেমেৰাত বন্দী কৰা মানুহজন আজি আনৰ কেমেৰাত বগা কাপোৰৰ মাজত আৱদ্ধ হৈ ৰৈছে ৷ হয়, আমি ক’বলৈ লৈছো জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক পল্লৱ বৰাৰ কথা ৷ সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ হ’ল গৈ পল্লৱ বৰা ৷

মঙলবাৰৰ পুৱা হৃদৰোগত আক্ৰান্ত হৈ জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক তথা ইটিভি ভাৰত অসমৰ প্ৰাক্তন কৰ্মচাৰী পল্লৱ বৰাৰ আকস্মিক মৃত্যু ঘটে । প্ৰায় তিনিটা দশক সাংবাদিকতাৰ অভিজ্ঞতাৰে সমৃদ্ধ আছিল তেওঁ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৯ বছৰ ৷ পল্লৱ বৰাৰ আকস্মিক মৃত্যুক কোনেও সহজভাৱে ল’ব পৰা নাই ৷ এই বাতৰিৰ ফলত সাংবাদিক জগতত পৰিছে শোকৰ ছাঁ ৷

জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক পল্লৱ বৰাৰ অকাল মৃত্যু (ETV Bharat)

জীৱনৰ যাত্ৰ পথত ৰাষ্ট্ৰীয় মাধ্যমৰ নিউজ চেনেলৰ ভিডিঅ' সাংবাদিক হিচাপে কাম কৰা পল্লৱ বৰাই ছপা আৰু ডিজিটেল মাধ্যমতো সাংবাদিকতা কৰিছিল । কেৱল উত্তৰ-পূবেই নহয় দেশৰ কেইবাখনো ৰাজ্যত ভিডিঅ’ জাৰ্ণেলিষ্ট হিচাবে সেৱা আগবঢ়াইছিল প্ৰয়াত বৰাই । নিজৰ কামৰ প্ৰতি সদা উৎসাহী আছিল তেওঁ ।

লগতে পঢ়ক : ই টিভি ভাৰতৰ সাংবাদিক প্ৰয়াত ৰাতুল ডেকাৰ স্মৃতিচাৰণ - Journalist Ratul Deka

ইটিভি ভাৰতৰ অসমৰ গুৱাহাটীৰ কাৰ্যালয়তো ভিডিঅ’ জাৰ্ণেলিষ্ট হিচাবে সাংবাদিকতা কৰিছিল পল্লৱ বৰাই ৷ 2006 লৈকে পল্লৱ বৰাই ষ্টাৰ নিউজত ভিডিঅ’ জাৰ্ণেলিষ্ট হিচাপে কৰ্মৰত হৈ আছিল । পৰৱৰ্তী সময়ত APB নিউজৰ সাংবাদিক হিচাপে আছিল উত্তৰ-পূৰ্বৰ দায়িত্বত আছিল প্ৰয়াত বৰা । ১৫ নৱেম্বৰ ২০১৮ ত তেওঁ ইটিভি ভাৰতত যোগদান কৰে ২০ জুলাই ২০২০ লৈ কৰ্মৰত আছিল ৷

এগৰাকী অতি সচেতন সাংবাদিক হিচাবে পৰিচিত প্ৰয়াত পল্লৱ বৰাক আজি পুৱা ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুৱাহাটীস্থ সাংবাদিকসকলৰ লগতে তেওঁৰ শুভাকাংক্ষীসকলে ।

গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক সঞ্জয় ৰয়ে প্ৰয়াত বৰাৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, “জ্যেষ্ঠ ভিডিঅ' সাংবাদিক পল্লৱ বৰাই আমাৰ মাজৰ পৰা বিদায় মাগিলে । তেওঁৰ মৃত্যুত আমি মৰ্মাহত হৈছো । তেওঁৰ বিদেহী আত্মাই শান্তি লাভ কৰক । তেওঁ টি জি বৰুৱা মিডিয়া ক্ৰিকেটত অংশগ্ৰহণ কৰাৰ কথা আছিল । সেয়েহে তেখেতৰ নামত খেলখনৰ মেন অফ দা মেচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷"

জ্যেষ্ঠ সাংবাদিক নিলয় ভট্টাচাৰ্যই প্ৰয়াত বৰাৰ প্ৰতি শেষশ্ৰদ্ধা জ্ঞাপন কৰি তেওঁৰ কৰ্তব্যনিষ্ঠাক সোঁৱৰি কয়, “২০০০ পৰা পল্লৱৰ লগত আছিলো । কাম কৰি ভালপোৱা ল'ৰা পল্লৱে নিষ্ঠা সহকাৰে কাম কৰিছিল । কাম এটা শেষ নোহোৱালৈ লাগি থাকিছিল । পল্লৱ য’লৈ গৈছে তাত শান্তিৰে থাকক ।"

উল্লেখ্য যে, গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত প্ৰয়াত বৰাৰ শেষকৃত্য সম্পন্ন কৰা হয় । মৃত্যুৰ সময়ত বৰাই তেওঁৰ পুত্ৰসহ পত্নীক এই ইহ-সংসাৰত এৰি থৈ যায় ।

লগতে পঢ়ক : প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ পৰিয়াললৈ ETV Bharatৰ পৰা ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান

লগতে পঢ়ক : অনন্ত ধামলৈ যাত্ৰা সাংবাদিক ৰাতুল ডেকাৰ: ভগ্ন হৃদয়, অশ্ৰুসিক্ত নয়নেৰে অন্তিম বিদায় গুণমুগ্ধৰ - ETV Bharat Reporter accident case

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.