বিশ্ব প্ৰতিবন্ধী দিৱসত শ্ল'গান প্ৰতিযোগিতা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : 16 hours ago

ৰঙিয়া: সমগ্ৰ ৰাজ্য়ৰ লগতে ৰঙিয়াতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰে । অন্যান্য অনুষ্ঠানৰ লগতে স্বেচ্ছাসেৱী অনুষ্ঠান দ্য় হংস ফাউণ্ডেশনে ৰঙিয়া মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত কৰে । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।  

এই আলোচনা চক্ৰত দ্য় হংস ফাউণ্ডেশনৰ পৰামৰ্শদাতা প্ৰিয়ংকা গোস্বামী, প্ৰকল্প মেনেজাৰ মৌচুমী বৰা, ৰঙিয়া মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড৹ হীতেন্দ্ৰ শৰ্মা, খণ্ড উন্নয়ন বিষয়া বিপুল ডেকা, ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি মিৰাজুল ইছলামে সমল ব্যক্তি হিচাপে দিব্যাংগসকলৰ অধিকাৰৰ লগতে অন্যান্য বিষয়ত আলোকপাত কৰে । এই দিৱস উপলক্ষে ছাত্র-ছাত্ৰী সকলৰ মাজত আয়োজিত পোষ্টাৰ আৰু শ্ল'গান প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটাসমূহ প্ৰদান কৰা হয় ।

লগতে পঢ়ক:বিশ্ব প্ৰতিবন্ধী দিৱসত ১৭ টা দাবীৰে প্ৰতাৰণাৰ দিন পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.