মৰাণ: আপোনাৰ বাবে এটা শিলগুটিৰ মূল্য কিমান ? এই যে আপোনাৰ মোৰ ঘৰৰ চোতালখন, ঘৰৰ আগেদি পাৰ হৈ যোৱা আলিবাটটো, ধোঁৱা উৰুৱাই গাড়ী-মটৰ পাৰ হৈ যোৱা পকী পথটো, এইসকলোবোৰতে সিঁচৰতি সেই সৰু সৰু শিলগুটিবোৰ আপোনাৰ মোৰ বাবে এটা নিষ্প্ৰাণ, জড়, অৱহেলিত পদাৰ্থৰ বাদে হয়তো একো নহয় ৷
যিসময়ত মানুহৰ চকুত মানুহ বা জীৱিত প্ৰাণীৰেই গুৰুত্ব কমি যোৱা পৰিলক্ষিত হৈছে সেই সময়ত স্বাভাৱিকতেই এনে পদাৰ্থ এটাৰ আমাৰ জীৱনত যে বৰ এটা মূল্য আছে সেয়া অকল্পনীয় ৷
অৱশ্যে মানুহৰ যদি এটা সৃষ্টিশীল মন আৰু প্ৰতিভা থাকে তেনেহ'লে নিশ্চয় এটা নিৰ্জীৱ শিলৰ টুকুৰাই প্ৰাণ পাই উঠাটো সম্ভৱ ৷ মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা শিলৰ ওপৰত খোদিত বিভিন্ন ভাস্কৰ্য, শিল্পকলাই তাকে প্ৰমাণ কৰি আহিছে ৷
![Creativity of Ankona Mahatta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-12-2024/a-moran-801to8010-creativegirlofdibrugarh-as10031_04122024094333_0412f_1733285613_850.jpg)
আমি বিভিন্ন সময়ত এনে বহু বৃহদাকায় শিলাখণ্ডত অংকিত ভাস্কৰ্য শিল্পৰ নমুনাৰ বিষয়ে হয়তো পঢ়িছোঁ, শুনিছোঁ বা হয়তো দেখিবলৈও সুযোগ পাইছোঁ ৷
![Creativity of Ankona Mahatta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-12-2024/a-moran-801to8010-creativegirlofdibrugarh-as10031_04122024094333_0412f_1733285613_447.jpg)
আনে যোৱা বাটে নোযোৱা ছোৱালীজনী
পিছে সেই যে আপোনাৰ দৈনন্দিন জীৱনত অৱহেলিত হৈ পৰি ৰোৱা শিলগুটিবোৰ, তাৰ গুৰুত্ব আপোনাৰ দৃষ্টিত কিমান ? তাৰ উত্তৰ এতিয়াও নাই ৷ পিছে এক সৃজনশীল মনৰ, সুকীয়া দৃষ্টিভংগীৰ এগৰাকী যুৱতীৰ বাবে সেই শিলৰ টুকুৰাৰ মূল্য আপোনাৰ মোতকৈ বহুগুণে বেছি ৷ সেই কাৰণেই তেওঁ সেই বাটে-ঘাটে পৰি ৰোৱা শিলৰ টুকুৰাবোৰ বুটলি আনি সেইবোৰক জীয়াই তুলিছে ৷ হয় সেই যুৱতীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে শিলৰ টুকুৰায়ো ৷
![Creativity of Ankona Mahatta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-12-2024/a-moran-801to8010-creativegirlofdibrugarh-as10031_04122024094333_0412f_1733285613_358.jpg)
অনন্য প্ৰতিভাৰে জিলিকি উঠিছে অসমজীয়ৰী
যি সময়ত যুৱ উশৃংখলতা সমাজৰ বাবে চিন্তাৰ কাৰণ হিচাপে বিবেচিত হৈছে তেনে সময়ত এই যুৱতীগৰাকীয়ে একাগ্ৰতাৰ সৈতে নিজৰ সৃষ্টিশীলতাৰ মাজেৰে আকাশ চুবলৈ মন মেলিছে ৷ নিজৰ সৃষ্টিক লৈ চৰ্চালৈ আহিছে, সকলোৰে সমাদৰ বুটলিছে, লভিছে খ্যাতিও ৷ আমাৰ বাবে এয়া গৌৰৱৰ বিষয় যে এই যুৱতীগৰাকী আমাৰ অসমৰেই ৷ পথৰ কাষত পৰি থকা শিলক প্ৰাণৱন্ত কৰি আজি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ অধিকাৰী ডিব্ৰুগড়ৰ কন্যা অংকনা মাহাত্তা ।
![Creativity of Ankona Mahatta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-12-2024/a-moran-801to8010-creativegirlofdibrugarh-as10031_04122024094333_0412f_1733285613_953.jpg)
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ ২০২৩ ত স্থান লাভ অংকনা মাহাত্তাৰ
ডিব্ৰুগড় জিলা বামুণবাৰীৰ কয়লাগড়া গাঁৱৰ অংকনা মাহাত্তাই সৰু সৰু শিলত অসম তথা ভাৰতৰ বিখ্যাত ব্যক্তিসকলৰ ছবি অংকন কৰি “ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ ২০২৩” ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে । পিতৃ ভেনচাৰ স্কুলৰ শিক্ষক পোনা মাহাত্তা আৰু মাতৃ অংগনবাড়ীৰ সহায়িকা মীনা চুতীয়া মাহাত্তাৰ কন্যা অংকনা মাহাত্তাই সৰুৰে পৰা ছবি অংকন কৰি ভাল পাইছিল । স্নাতক ডিগ্ৰীধাৰী অংকনাই পথৰ কাষত পৰি থকা সৰু সৰু চেপেটা শিলবিলাক বুটলি সেইবোৰত জৱাহৰলাল নেহৰু, শ্ৰীমন্ত শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, মামনি ৰয়ছম গোস্বামী আদিৰ বহু বিখ্যাত ব্যক্তি সকলৰ ছবি অংকন কৰিছিল । ইয়াৰ বাবেই তেওঁ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ ২০২৩ ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় । তেনেই সাধাৰণ পৰিয়ালৰ অংকনাক ছবি অংকনৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বহু সময়ত সন্মানো যাঁচি আহিছে । ইফালে অংকনাৰ এই সাফল্যত উৎফুল্লিত অঞ্চলটোৰ ৰাইজ । বিভিন্ন অনুষ্ঠানত ছবি প্ৰদৰ্শনৰ বাবে অংকনাক সুবিধা প্ৰদান কৰি বিভিন্নজনে কৰিছে উৎসাহিত ।
![Creativity of Ankona Mahatta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-12-2024/a-moran-801to8010-creativegirlofdibrugarh-as10031_04122024094333_0412f_1733285613_1095.jpg)
ভাল লগা কামটো কৰি যোৱাত ব্ৰতী অংকনা
পথৰ কাষত পৰি থকা সৰু সৰু চেপেটা শিলবিলাকত দেশ-বিদেশৰ প্ৰখ্যাত ব্যক্তিসকলৰ ছবি অংকন কৰি চৰ্চিত হোৱা অংকনা মাহাত্তাই সংবাদ মাধ্যমৰ আগত কয়, "মোৰ ভাল লগা কামটো হ'ল ছবি অংকন । কৰি ভাল লগা কামটো কৰি যাবলৈ চেষ্টা কৰিছো । সৰুতে চৰাইৰ ছবি অংকন কৰি থকা দেখি ছবি অঁকাৰ শিক্ষা ল'বলৈ চিত্ৰাংকন বিদ্যালয়ত নাম ভৰ্তি কৰাইছিল যদি অসুবিধাৰ বাবে বেছি দিন শিকিব নোৱাৰিলো । ইয়াৰ পাছৰে পৰা ঘৰতে চেষ্টা কৰি আহিছো ।" ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হোৱা পাছত ভৱিষ্যতে ইয়াতকৈয়ো ভাল কিবা এটা কৰা লক্ষ্যৰে কাম কৰি থকা বুলি জনায় অংকনাই ৷
![Creativity of Ankona Mahatta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-12-2024/a-moran-801to8010-creativegirlofdibrugarh-as10031_04122024094333_0412f_1733285613_440.jpg)
সাধাৰণ শিল এটুকুৰাক নিজৰ প্ৰতিভাৰে প্ৰাণৱন্ত কৰি তোলা অংকনাই নিজৰ নামটোকে যেন সাৰ্থক কৰি তুলিছে ৷ বিহংগম দৃষ্টিৰে পৃথিৱীখনক চাবলৈ নিজৰ লগতে আনকো অনুপ্ৰাণিত কৰিছে ৷