ধেমাজি : মহানুভৱতাৰ পৰিচয় দিবলৈ বহুত ধনৰ আৱশ্যক নহয় ৷ লাগে মাথোঁ পৰোপকাৰ আৰু বহল মনৰ মানসিকতা । আৰু ইয়াকে কৰি দেখুৱালে কোনো এখন চৰকাৰ জনপ্ৰতিনিধি আৰু স্বায়ত্তশাসিত জনপ্ৰতিনিধিয়ে কৰিব নোৱৰা এটা সামান্য কাম এজন সাধাৰণ যুৱকে ৷
আপাততঃ সাধাৰণ কাম যদিও বহুতৰে বাবে এক অসাধৰণ কাম ৷ কাৰণ তেওঁ কোনো ধনী ব্যৱসায়ী, ঠিকাদাৰ অথবা কোনো চৰকাৰী মোটা বেতনভোগী বিষয়া-কৰ্মচাৰীও নহয় ৷ এটা কোম্পানীত সাধাৰণ পদত কাম কৰি অৰ্জন কৰা ধনেৰে আৰ্তজনক সহায় কৰি ভালপোৱা ধেমাজিৰ জীয়াঢলৰ বানত বিধ্বস্ত ন-আলি ভজু গাঁৱৰ বাসিন্দা হিটলাৰ শইকীয়া নামৰ যুৱকজনৰ চিন্তা আৰু কামক লৈ সকলোৱে প্ৰশংসা কৰিছে ।
কাৰ্যত কামে-কাজে, চিন্তায়ে তেওঁ সেই ইতিহাসৰ পাতখিলাৰ খলনায়ক হিটলাৰৰ সম্পূৰ্ণ বিপৰীত ৷ নীৰিহৰ তেজেৰে ইতিহাসক ৰাঙলী কৰা জাৰ্মানীৰ হিটলাৰ বিপৰীতে এইজন হিটলাৰ এজন মানৱদৰদী ব্যক্তি । তাৰ প্ৰমাণ তেওঁ নিজৰ কৰ্মৰেই দিছে ৷
এইজন অসমৰ হিটলাৰে নিজৰ মানৱহিতৈষী ৰূপৰ পৰিচয় দি ধেমাজি বাটঘৰীয়া পঞ্চায়ত তথা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ ভেৰেকীচুক গাঁৱৰ ৰেণুকা সোণোৱাল নামৰ বিধৱা মহিলাগৰাকীৰ লগতে কলেজত পঢ়া সন্তান থকা জৰাজীৰ্ণ বাসগৃহটোত নতুন টিনপাত লগাই মেৰামতি কৰি দিয়ে ৷ যুৱকজনে লগত লৈ অহা সহযোগীসকলৰ সৈতে মিলি চেঁচা বতাহ আৰু বৰষুণৰ পৰা সকাহ দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে । অন্যথা আঘোণ-পুহমহীয়া প্ৰচণ্ড শীত আৰু বৰষুণে উৰুখা পঁজাত বাস কৰা মাতৃ আৰু পুত্ৰৰ বাবে বিপজ্জনক হৈ পৰিলহেঁতেন ।
এইক্ষেত্ৰত দুৰ্ভগীয়া মহিলাগৰাকীয়ে কয়, “শহুৰৰ দিনতে এবাৰ পাইছিলো ঘৰ ৷ ইয়াৰ পিছতে মানুহজনো ঢুকাল আৰু শাহুআইতা ঢুকোৱা এমাহ হৈ গৈছে । উৰুখা পঁজাত তিতি-বুৰিয়ে সকাম-নিকাম কৰিলোঁ ৷ চৰকাৰী সাহায্যৰ নামত একমাত্ৰ অৰুণোদয় লাভ কৰাৰ বাহিৰে আজিলৈকে একো চৰকাৰী সাহায্য আৰু ঘৰ পোৱা নাই ৷ এই ভাইটিয়ে পকেটৰ ধন খৰচ কৰি টিনপাটকেইখন লগাই দিয়াৰ বাবে ধন্যবাদ ৷" অনুৰূপভাৱে প্ৰতিবেশী এজন যুৱকেও হিটলাৰ শইকীয়াৰ মহানুভৱতাক শলাগ লৈ ধন্যবাদ দিয়ে ৷
হয়, পৰিৱৰ্তনৰ ঢাক-ঢোল বজাই সলনি হ’ল চৰকাৰ । পকীঘৰ থকা মানুহৰো বিভিন্ন ঠাইত আকৌ ঘৰৰ তালিকাত নামি আহিল ৷ আটকধুনীয়াকৈ নিৰ্মাণ কৰিলে ঘৰ ৷ পিচে এইগৰাকী দুখুনী বিধৱাৰ দুখ মোচন নহ’ল ৷
ইপিনে পৰোপকাৰী হিটলাৰ শইকীয়াই কয়, “বিগত ৭-৮ বছৰৰ পৰায়ে সমাজৰ লগত জড়িত হৈ আছোঁ । আনৰ দুখ দেখিলে অন্তৰাত্মাই কঁপি উঠে । সামৰ্থ্য অনুসাৰে সহায় কৰিব বিচাৰোঁ ৷ সৰুৱে পৰা মায়ে কৈছিল আনৰ দুখ দেখিলে সহায় কৰিবলৈ ৷ মায়ে কষ্ট কৰি আমাক ডাঙৰ-দীঘল কৰিছে ৷ সেয়ে সৰু জব এটা কৰিছোঁ আৰু ইয়াৰে আনক সহায় কৰিব চেষ্টা কৰিছো ।”
নিঃস্বজনৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰা উদাৰচিতীয়া মানসিকতাৰ অধিকাৰী হিটলাৰৰ কৰ্মৰাজি নিসন্দেহে প্ৰশংসনীয় আৰু উঠি অহা চামৰ বাবে অথবা বিত্তৱান লোকৰ বাবে আদৰ্শ হ'ব পাৰে ৷