ETV Bharat / bharat

স্বৰ্ণ মন্দিৰত গুলীচালনা; কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল

স্বৰ্ণ মন্দিৰত সেৱা আগবঢ়াই থকাৰ সময়তে শিৰোমণি অকালি দলৰ নেতা সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলীচালনা ।

Sukhbir Badal attack
কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল (ANI)
author img

By ETV Bharat Assamese Team

Published : 11 hours ago

অমৃতসৰ: শিৰোমণি অকালি দলৰ নেতা সুখবীৰ সিং বাদলক লক্ষ্য কৰি আক্ৰমণ । অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ প্ৰৱেশদ্বাৰত এজন লোকে সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলীচালনা কৰে । কোনো মতে ৰক্ষা পৰে শিৰোমণি অকালি দলৰ নেতাগৰাকী । ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকে আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

পুৱা প্ৰায় ৯:৩০ মান বজাত বাদলে স্বৰ্ণ মন্দিৰৰ প্ৰৱেশদ্বাৰত সেৱা আগবঢ়াই থকাৰ সময়তে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে । সেই সময়ত বাদলে 'সেৱাদাৰ'ৰ পোছাক পৰিধান কৰি আছিল । গুলীৰ শব্দ শুনাৰ লগে লগে অঞ্চলটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । উপস্থিত লোকসকলে ইফালে সিফালে দৌৰিবলৈ আৰম্ভ কৰে ।

কোনে কৰিলে আক্ৰমণ ?

জানিব পৰা মতে সুখবীৰ সিং বাদলে স্বৰ্ণ মন্দিৰত 'সেৱা' আগবঢ়াই আছিল । তেওঁ শিৰোমণি অকালি দলৰ নেতাজনে শ্ৰী অকাল তখত চাহিবে ঘোষণা কৰা নীতি পালন কৰি আছিল । সেই সময়তে এজন লোকে তাত উপস্থিত হৈছিল আৰু পকেটত লুকুৱাই থোৱা পিষ্টল এটা উলিয়াইছিল আৰু তেওঁৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰিছিল । তেতিয়া তাত উপস্থিত লোকসকলে লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

সৌভাগ্যক্ৰমে তেওঁৰ দেহত গুলী লগা নাছিল । লোকসকলে আক্ৰমণকাৰীজনক পিছত আৰক্ষীক গতাই দিয়ে । আৰক্ষীয়ে তেওঁক জিম্মাত লৈ আৰু সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । আক্ৰমণকাৰীজনক নাৰায়ণ সিং চৌড়া বুলি চিনাক্ত কৰা হৈছে । অৱশ্যে আক্ৰমণটোৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই ।

এডিচিপি হৰপাল সিঙে ঘটনা সন্দৰ্ভত কয়, "তাত শক্তিশালী নিৰাপত্তা ব্যৱস্থা আছিল । সুখবীৰ সিঙক সঠিক সুৰক্ষা দিয়া হৈছিল । নাৰায়ণ সিং চৌড়া (আক্ৰমণকাৰী) মঙলবাৰেও তাত আছিল । আজিও, তেওঁ প্ৰথমে গুৰুক সেৱা জনাইছিল ।"

ইফালে এছজিপিচিৰ অধ্যক্ষ হৰজিন্দৰ সিং ধামীয়ে কয়, "আমি আমাৰ উৎসৰ জৰিয়তে ইয়াৰ পুংখানুপুংখ তদন্ত কৰিম । গুৰু ৰাম দাসে সুখবীৰ সিং বাদলক ৰক্ষা কৰিছে । আমি নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰি আছো ।"

শিৰোমণি অকালি দলৰ প্ৰতিক্ৰিয়া

দলটোৰ জ্যেষ্ঠ নেতা দলজিৎ সিং চিমাই সংবাদ মাধ্যমৰ সন্মুখত এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী ভগৱন্ত মানে আইন-শৃংখলাৰ অৱনতিৰ দায়িত্ব ল'ব লাগে আৰু পদত্যাগ কৰিব লাগে বুলিও তেওঁ দাবী জনাইছে ।

লগতে পঢ়ক :আজি প্ৰতিবাদী কৃষকৰ মহাপঞ্চায়ত; আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.