গান গাবলৈ গৈ থানা পালেগৈ কণ্ঠশিল্পী নেকিব

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Entertainment Team

Published : 18 hours ago

ৰঙিয়া : ৰঙিয়াৰ সংগম সংঘৰ বাকৰিত উত্তপ্ত পৰিস্থিতি । মাজনিশা ৰঙিয়া থানাত উপস্থিত কণ্ঠশিল্পী নেকিব । সোমবাৰৰ দিনটোত ৰঙিয়াত বীৰ লাচিত সেনাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছিল অসম দিৱসৰ ৷ সেই অসম দিৱসতে লাগে অথন্তৰ । দিৱসত নিশাৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷ গীত পৰিবেশনৰ বাবে আয়োজকে আমন্ত্ৰণ কৰিছিল তিনিগৰাকী কণ্ঠশিল্পীক । কিন্তু অনুষ্ঠানলৈ গৈ কণ্ঠশিল্পী নেকিব, মৃণাল মৃত্তিক, চয়নিকা দাস ওচৰ চাপিল ৰঙিয়া আৰক্ষীৰ ।

মানুহৰ উপস্থিতি সেৰেঙা কাৰণে তাৎক্ষণিকভাৱে বাতিল কৰা হ'ল নেকিবৰ সংগীতানুষ্ঠান । সকলো বাদ্যযন্ত্ৰী নিৰ্ধাৰিত সময়ত উপস্থিত হোৱাৰ পাছতো শ্ৰোতা-দৰ্শক কোনো উপস্থিত নথকাৰ বাবে বাতিল কৰা হৈছিল সংগীতানুষ্ঠান । সংগীতানুষ্ঠানৰ চুক্তি অনুযায়ী মাননীক লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয় । কণ্ঠশিল্পী নেকিব আৰু বীৰ লাচিত সেনাৰ নেতাৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত হয় । ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে কণ্ঠশিল্পীগৰাকীয়ে । উল্লেখ্য যে, দিনৰ ভাগত উপস্থিত আছিল সংগঠনটোৰ নেতা শৃংখল চলিহা । প্ৰথমবাৰৰ বাবে ৰঙিয়াত আয়োজন কৰা হৈছিল এই অনুষ্ঠানৰ ।

লগতে পঢ়ক : মঞ্চত কৰিলে এনে এক অদ্ভূতকাণ্ড, ৰঙাঘৰ পালেগৈ থিয়েটাৰ অভিনেতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.