কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত জিলিকা নিবেদিতাৰ সৈতে ইটিভি ভাৰতৰ বাৰ্তালাপ - নিবেদিতা মেকানিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 5, 2020, 3:04 AM IST

মঙলবাৰে ঘোষিত 2019 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ পৰীক্ষাৰ ফলাফলত 697স্থান দখল কৰিবলৈ সক্ষম হয় যোৰহাটৰ টীয়কৰ বাসিন্দা নিবেদিতা দত্ত ৷ নিবেদিতা দত্তৰ সফলতাত সমগ্ৰ টীয়কবাসী উৎফুল্লিত হৈ পৰিছে । দিল্লীৰ এটা বেচৰকাৰী প্ৰতিষ্ঠানত বৰ্তমানে কৰ্মৰত নিবেদিতাৰ পিতৃৰ ঘৰ যোৰহাট জিলাৰ টীয়কৰ ভগামুখৰ দোলাকাষৰীয়া গাঁৱত । ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বৰ্তমানে মহাৰাষ্ট্ৰৰ পুনেত থকা কৃষ্ণকান্ত দত্ত আৰু জোনা দত্তৰ একমাত্ৰ কন্যা নিবেদিতাই পিতৃৰ কৰ্মসূত্ৰে ভাৰতৰ বিভিন্ন ৰাজ্যত শিক্ষা গ্ৰহণ কৰিছিল । নিবেদিতা মেকানিকেল ইঞ্জিনীয়াৰিঙৰ স্নাতক হোৱাৰ উপৰি ৰাজনীতি বিভাগৰ স্নাতকোত্তৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.