75 ফুট দৈৰ্ঘৰ পতাকা লৈ ধুবুৰীত ত্ৰিৰংগা যাত্ৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 15, 2021, 5:26 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো উলহ মালোহেৰে উদযাপন কৰা হ’ল দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস । 75 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ দুদিনীয়া ব্যতিক্ৰমী কাৰ্যসূচী । শনিবাৰে 75 গছি চাকি বন্তি জ্বলাই অখণ্ড ভাৰতৰ এক কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত দেওবাৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত 75 ফুট দৈৰ্ঘৰ এখন ৰাষ্ট্ৰীয় পতাকা লৈ ত্ৰিৰংগা যাত্ৰা উলিয়াই বন্দে মাতৰম, ভাৰত মাতা কি জয়, ধ্বনিৰে মুখৰিত কৰি তোলে ধুবুৰী চহৰৰ আকাশ বতাহ । ক’ভিড প্ৰট’কল মানি সীমান্ত চেতনা মঞ্চৰ কাৰ্যালয়ৰ পৰা উলিওৱা ত্ৰিৰংগা যাত্ৰা ধুবুৰী চহৰৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি ধেমাজি চহৰস্থিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিৰ সন্মুখত উপস্থিত হৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অন্ত পৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.