thumbnail

By

Published : Aug 26, 2021, 1:54 PM IST

ETV Bharat / Videos

মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়ালৈ আছুৰ শ্ৰদ্ধাঞ্জলি

অৱশেষত মৃত্যুৰ শীতল কোলাত শুই পৰিল ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া ৷ পাঁচদিন ধৰি চিকিৎসালয়ৰ বিচনাত মৃত্যুৰে যুঁজি হাৰ মানিলে মেধাৱী ছাত্ৰীগৰাকীয়ে ৷ নন্দিতাৰ মৃত্যুৰ পাচতে শোকত ভাগি পৰিছে মহাবিদ্যালয়ৰ শিক্ষক তথা শিক্ষাৰ্থী সমাজ ৷ বুধবাৰে নন্দিতা শইকীয়াৰ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্চিংহোমত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । এইগৰাকী ছাত্ৰীৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ বন্যা উঠিছে । আনহাতে অভিযুক্ত ৰিণ্টু শৰ্মাক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে । মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণৰ ট্ৰেফিক পইণ্টত বুধবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় । আনহাতে চিকিৎসাধীন আনগৰাকী ছাত্ৰীৰ আৰোগ্য কামনা কৰিছে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.