thumbnail

By

Published : Jul 20, 2019, 7:59 PM IST

ETV Bharat / Videos

মঙলদৈত ভূ-লুণ্ঠিত হ'ল মানৱতা

আশ্ৰয় শিৱিৰত ভূ-লুণ্ঠিত হ'ল মানৱতা । সামাজিক নিয়মক দোহাই দি নৱজাতকৰ সৈতে মাতৃক ৰখা হ'ল আশ্ৰয় শিৱিৰৰ বাহিৰত । এই ঘটনা মঙলদৈৰ । ভয়াৱহ বানত ৰাজ্যবাসী জুৰুলা হৈ থকাৰ সময়তে সংঘটিত হয় এই ঘটনা । দহ দিন পূৰ্বে গেৰিমাৰীৰ দুলালি মালিক নামৰ মহিলাগৰাকীয়ে মঙলদৈ অসামৰিক চিকিৎসালয়ত এটি নৱজাতকৰ জন্ম দিছিল । অঞ্চলটোত হৈ থকা ভয়ংকৰ বানৰ বাবে শিশুটিৰ জন্মৰ পাছতে মঙলদৈৰ গেৰিমাৰীৰ আশ্ৰয় শিৱিৰলৈ লৈ আহিব লগীয়া হয় । কিন্তু সামাজিক নিয়মক দোহাই দি আশ্ৰয় শিৱিৰটোত থকা একাংশ লোকে মাতৃ আৰু শিশুটিক ৰাখে আশ্ৰয় শিৱিৰটোৰ বাহিৰত । ইফালে, মঙলদৈৰ ''unity we the Blood donors'' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে এই ঘটনাৰ সম্ভেদ পাই আশ্ৰয় শিৱিৰৰ লোকসকলক বুজাই-বঢ়াই মহিলাগৰাকীক ভিতৰত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে যোগান ধৰে খাদ্য আৰু বস্ত্ৰ । এই ঘটনাৰ পাছতে সচেতন মহলাত সৃষ্টি হৈছে প্ৰশ্ন, যিটো সময়ত বলিউদ নেতাৰ পৰা আৰম্ভ কৰি সৰ্বসাধৰণ জনতালৈকে বানাক্ৰান্তসকলক সহায় কৰিবলৈ ওলাই আহিছে সেই সময়তে মঙলদৈত সংঘটিত এই ঘটনাই সচেতন মহলাক চিন্তিত কৰি তুলিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.