thumbnail

ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সমগ্ৰ গোলাঘাট

By

Published : Apr 16, 2021, 6:49 PM IST

ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সমগ্ৰ অসম । হেপাঁহৰ ৰঙালীক লৈ সমগ্ৰ অসমৰ লগতে গোলাঘাটৰ প্ৰত্যেক ঘৰে ঘৰে অনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷ প্ৰত্যেকৰ চোতালত এতিয়া হুঁচৰিৰ গুমগুমণি ৷ অসমীয়াৰ চেনেহৰ ৰঙালী বিহুত গৃহস্থক আশীৰ্বাদ দিয়াৰ উদ্দেশ্যেৰে গাঁৱৰ চেমনীয়াহঁতে আৰম্ভ কৰিছে বিহু হুঁচৰি ৷ ঢোল-পেঁপা-বাঁহীৰ মাতত নাচনীৰ খোজৰ গিৰিপনিত ৰজন জনাই আছে গোলাঘাট ৷ গোলাঘাটৰ ২নং শেনচোৱাত গৃহস্থৰ চোতাল শুৱনি কৰি পহিলা ব’হাগৰ পৰাই জুৰিছে হুঁচৰি ৷ ধূপ-ধুনা, শৰাই লৈ হুঁচৰিক পদূলিৰ পৰা আদৰি আনিছে গৃহস্থই ৷ ঢোল-পেঁপা-বাঁহীৰ সুৰীয়া মাতত কঁকাল ভাঙিছে নাচনীয়ে । বিগত কিছু দিনৰ পৰা আখৰা কৰি বৰ্তমান গৃহস্থৰ পদুলিত হুঁচৰি দল । গৃহস্থক আশীৰ্বাদ দিয়াৰ উদ্দেশ্যেৰে আটক ধুনীয়াকৈ হুঁচৰি প্ৰদৰ্শন কৰি ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে ২নং শেনচোৱাৰ কণ কণ শিশুৰ হুঁচৰি দলটোৱে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.