মোৰ কণ্ঠ কোনেও ৰুদ্ধ কৰিব নোৱাৰেঃ অৰ্ণৱ গোস্বামী - অসম প্ৰদেশ কংগ্ৰেছ কমিটি
🎬 Watch Now: Feature Video
কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি ভিডিঅ' যোগে প্ৰতিক্ৰিয়া প্ৰকাশ সাংবাদিক অৰ্ণৱ গোস্বামীৰ ৷ ৰিপাব্লিক টিভিৰ সাংবাদিক অৰ্ণৱ গোস্বামীক দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাৰ প্ৰচাৰৰ পিছতে বিভিন্ন মহলত চর্চা পাইছিল বিষয়টোৱে। অৰ্ণৱ গোস্বামীৰ অভিযোগ অনুসৰি যুৱ কংগ্ৰেছী দুজন সদস্যই আক্ৰমণ কৰিছিল তেওঁৰ লগতে তেখেতৰ পত্নীক। সেই ঘটনাৰ পিছত ভিডিঅ' কৰি ছ'চিয়েল মিডিয়াত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীক অভিযুক্ত বুলি দাবী কৰি মুকলি প্ৰত্যাহ্বান দিছিল অৰ্ণৱ গোস্বামীয়ে । তাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। সাংবাদিক অৰ্ণৱ গোস্বামীক তীব্ৰ কটাক্ষ কৰাৰ লগতে তেওঁৰ ওপৰত গুৱাহাটী আৰু ধুবুৰীত অসম কংগ্ৰেছ দলে দাখিল কৰিছিল এজাহাৰ। ইয়াৰ লগতে অতিশীঘ্ৰে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ বাবে আবেদন কৰিছিল কংগ্ৰেছ দলে। কিন্তু শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে বুলি ৰায় প্ৰদান কৰাৰ পিছতে ভিডিঅ' যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংবাদিক অৰ্ণৱ গোস্বামীয়ে।