Municipal election results 2022:বিজেপিৰ দখলত যোৰহাট পৌৰসভা

By

Published : Mar 9, 2022, 9:17 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

thumbnail
বুধবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে পৌৰসভা নিৰ্বাচনৰ (Assam municipal election 2022) ভোটগণনা প্ৰক্ৰিয়া । ইতিমধ্যে কেইবাখনো জিলাত বিজেপি মিত্ৰজোঁটে পৌৰসভা দখল কৰিছে । ইয়াৰ মাজতে যোৰহাট জিলাৰ পৰাও আহিছে নিৰ্বাচনৰ খবৰ । যোৰহাট জিলা খনৰ যোৰহাট, টিয়ক,মৰিয়নী আৰু তিতাবৰ পৌৰসভাৰ ফলাফল প্ৰকাশ পাইছে । ফলাফল অনুসৰি পুনৰ বিজেপিয়ে দখল কৰে যোৰহাট পৌৰসভা । ১৯ টা বাৰ্ডেৰে গঠিত যোৰহাট পৌৰসভাত বিজেপি দলে ৯ খন, অসম গণ পৰিষদে ২ খন আৰু কংগ্ৰেছ দলে ৮ খনত জয়ী হয় । আনহাতে টিয়ক পৌৰসভাৰ ১০ টা ৱাৰ্ডত কংগ্ৰেছে লাভ কৰে ৩ খন, বিজেপিয়ে ২ খন, অসম গণ পৰিষদে ২ খন আৰু নিৰ্দলীয় ২ গৰাকী প্ৰাৰ্থী জয়ী হয় । ৮ নং ৱাৰ্ডৰ ই.ভি.এম মেচিনৰ বিসংগতিৰ বাবে পুনৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সাম্ভৱনা আছে । লক্ষণীয়ভাৱে মৰিয়নী পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ মাত্ৰ ২ টাত হে বিজেপি জয়ী হয় । ইয়াৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ৮ টা ৱাৰ্ডত জয়ী হ'বলৈ সক্ষম হয় । আনহাতে কংগ্ৰেছ দলে এটা ৱাৰ্ডটো জয়ী হ'বলৈ সক্ষম নহ'ল । তিতাবৰ পৌৰসভাৰ ক্ষেত্ৰতো বিজেপি দলে ৬ টা ৱাৰ্ডত জয়ৰ মুখ দেখাৰ বিপৰীতে কংগ্ৰেছ দলে ৪ খন আসনত জয় লাভ কৰে । ইফালে এই ফলাফলৰ পাছতে আটাইকেইখন পৌৰসভাতে শাসক-বিৰোধীয়ে আনন্দ উল্লাহ কৰা দেখিবলৈ পোৱা যায় । ইফালে নিৰ্বাচনৰ ফলাফল (Assam Municipal election results 2022) সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.