কেৰালাৰ পাৰ্শীৰাজাৰ ব্ৰিটিছ সাম্ৰাজ্যবিৰোধী সংগ্ৰামৰ কাহিনী
🎬 Watch Now: Feature Video
ভাৰতত ব্ৰিটিছ শাসনৰ ওৰ পৰাৰ ইতিমধ্যে 75 বছৰ সম্পূৰ্ণ হৈছে ৷ সেই উপলক্ষে সমগ্ৰ দেশে 75তম স্বাধীনতা দিৱস উদযাপন কৰিছে ৷ দেশে স্বাধীনতাৰ 75 বছৰ উদযাপন কৰাৰ এই সময়ত আমি সেইসকল শাসক তথা যোদ্ধাক কেতিয়াও পাহৰিব নোৱাৰো, যিসকলে নিজৰ মাতৃভূমিক ব্ৰিটিছৰ আধিপত্যৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে মৰণপণ যুঁজ দিছিল ৷ এইক্ষেত্ৰত কেৰালাৰ মালাবাৰ অঞ্চলত বিপ্লৱৰ নেতৃত্ব দিয়া সাহসী যোদ্ধা কেৰালা বাৰ্মা পাৰ্শিৰাজাৰ নাম আমি বিশেষভাৱে উল্লেখ কৰিব লাগিব ৷ পাৰ্শিৰাজাৰ নেতৃত্বত কেৰালাৰ ৱায়ানাডত হোৱা ৰায়ত ব্ৰিটিছ সাম্ৰাজ্য বিৰোধী সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অধ্যায় ৷