thumbnail

By

Published : May 6, 2021, 8:07 PM IST

ETV Bharat / Videos

তীব্ৰবেগী ৰে’লৰ পৰা অক্সিজেন নিৰ্গমন: ভাইৰেল ভিডিঅ’

ৰাজস্থানৰ মাৰৱাৰ ষ্টেচনত চাঞ্চল্যকৰ ঘটনা সংঘটিত । দেশত অক্সিজেনৰ অভাৱৰ সময়তেই ৰাজস্থানৰ মাৰৱাৰ ষ্টেচনত অক্সিজেন নিৰ্গমন হয় । দেশত মহামাৰী কৰ'ণাৰ কাল সংক্ৰমণৰ লগতে তীব্ৰ নাটনি হৈছে অক্সিজেনৰ । মাৰৱাৰ ষ্টেচনত তৰল অক্সিজেন ভৰ্তি এখন টেংকাৰ কঢ়িয়াই অনাৰ সময়তে টেংকাৰখনৰ পৰা অক্সিজেন নিৰ্গমন হয় । এই ঘটনাৰ পাচতে ৰে'ল বিভাগে এক অনুসন্ধান আৰম্ভ কৰে । পালিৰ মাৰৱাৰ ষ্টেচনৰ মাজেৰে ৰে’লখন পাৰ হৈ যোৱাৰ সময়তে অক্সিজেন নিৰ্গমন হোৱাৰ দৃশ্য ষ্টেচনৰ যাত্ৰীসকলে প্ৰত্যক্ষ কৰিছিল । মালবাহী ৰে’লখন গুজৰাটৰ আহমেদাবাদলৈ যাত্ৰা কৰাৰ সময়তেই এই ঘটনা সংঘটিত হয় । দেশত মহামাৰী কৰ'ণাৰ কাল সংক্ৰমণৰ লগতে তীব্ৰ নাটনি হৈছে অক্সিজেনৰ । ইয়াৰ বাবে ভাৰতীয় ৰে'ল বিভাগে তৰল অক্সিজেন যোগান ধৰিবলৈ ব্য়ৱস্থা গ্ৰহণ কৰিছে । উল্লেখ্য যে, সমগ্ৰ দেশত তৰল অক্সিজেন আৰু অক্সিজেন চিলিণ্ডাৰ পৰিবহণ কৰিবলৈ অহা কেইদিনমানৰ ভিতৰত 'অক্সিজেন এক্সপ্ৰেছ' ৰে’লেৰে যোগান ধৰিব বুলি যোৱা ১৮ এপ্ৰিলত ভাৰতীয় ৰে'ল বিভাগে ঘোষণা কৰিছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.