বিদেশী ঘোষিত হোৱা লোকৰ সন্তানৰ কি হ'ব ?

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 9, 2019, 3:32 PM IST

Updated : Aug 9, 2019, 4:29 PM IST

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কত মহামান্য উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা৷ এন আৰ চিৰ চূড়ান্ত খচৰা 31 আগষ্টৰ ভিতৰত প্ৰকাশ পাব লাগিব ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰ নাৰিমানৰ দুজনীয়া খণ্ড বিচাৰপীঠৰ এক নিৰ্দেশ অনুসৰি 31 আগষ্টৰ ভিতৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিব লাগিব এন আৰ চি কৰ্তৃপক্ষই ৷ আনহাতে এন আৰ চি সম্পৰ্কত আন বিষয়সমূহৰ গোচৰ প্ৰক্ৰিয়া অহা মঙলবাৰে শুনানি গ্ৰহণ কৰিব ৷  আনহাতে শেহতীয়াকৈ অসমত চলি থকা NRCৰ শুনানি সম্পৰ্কত ন্যায়ালয়ে মুখ্য সমন্বয় ৰক্ষকৰ পৰা সবিশেষ অগ্ৰগতিৰ বুজ লয়৷ শেহতীয়া শুনানি সম্পৰ্কত পৰস্থিতি বাখ্যা অৱগত কৰে প্ৰতীক হাজেলাই ৷ সকলো শুনাৰ পিচত ন্যায়ালয়ে এন আৰ চি সম্পৰ্কত যথোচিত ভাৱে আগবাঢ়িবলৈ আহ্বান জনাইছে ৷  মাক বা দেউতাক অবৈধ বিদেশী হ'লে তেওঁলোকৰ সতি সন্তানৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ'বনে নাই এই সম্পৰ্কত আইনগতভাৱে মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ আৰু এই সম্পৰ্কত ৰায়দান স্থগিত ৰাখিছে ৷ প্ৰতিবেদনখন পোৱাৰ পিচত ৰায়দান দিব৷
Last Updated : Aug 9, 2019, 4:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.