ভুৱনেশ্বৰ : অসমৰ এজন মেধাবী ছাত্ৰই গ্ৰহণ কৰিলে জীৱনৰ চৰম সিদ্ধান্ত । বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি এইমছ ভুৱনেশ্বৰত এম বি বি এছৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰজনে জীৱনৰ চৰম সিদ্ধান্ত ল'লে । ডিব্ৰুগড়ৰ এইজন মেধাসম্পন্ন ছাত্ৰই কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
ডিব্ৰুগড়ৰ বাসিন্দা ৰত্নেশ কুমাৰ মিশ্ৰ নামৰ দ্বিতীয় বৰ্ষৰ এম বি বি এছ ছাত্ৰজনে ৫০২ নং হোষ্টেল বি কোঠাত এই সিদ্ধান্ত গ্ৰহণ কৰে । তেওঁ ২৪ ডিচেম্বৰত দেউতাকৰ সৈতে নিজৰ গৃহচহৰৰ পৰা উভতি আহিছিল । তেওঁৰ পিতৃয়ে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত হোটেলৰ বাহিৰত আছিল । তেওঁৰ পিতৃয়ে কয় যে তেওঁ পুৱা ৰত্নেশৰ পৰা ফোন লাভ কৰিছিল আৰু পুৱা একেলগে মন্দিৰ দৰ্শন কৰাৰ পৰিকল্পনা কৰিছিল ।
ৰত্নেশৰ পিতৃয়ে পুত্ৰক একাধিকবাৰ টেলিফোন কৰাৰ পিছতো কোনো সঁহাৰি লাভ নকৰাত হোষ্টেললৈ আহে । তেওঁ হোষ্টেলত উপস্থিত হৈ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ থকাত কেইবাবাৰো মাতে যদিও পুত্ৰৰ পৰা কোনো সহাৰি লাভ নকৰিলে । তেওঁৰ দেউতাকে কেইজনমান শিক্ষাৰ্থীৰ সহযোগত দুৱাৰখন ভাঙি পুত্ৰৰ নিঠৰ দেহ প্ৰত্য়ক্ষ কৰে । ইয়াৰ পিছত আৰক্ষীক অৱগত কৰে ।
(যদি আপোনাৰ মনলৈ চৰম সিদ্ধান্তৰ কথা চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)