মিজোৰামতো আছে বাংলাদেশী নাগৰিক ! - RAJYSABHA
🎬 Watch Now: Feature Video
মিজোৰামতো আছে বাংলাদেশী নাগৰিক ৷ এই কথা প্ৰকাশ কৰিছে মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ ৰ'নাল্ড সপা লাওৱে ৷ শুকুৰবাৰে ৰাজ্যসভাত মিজোৰামৰ কংগ্ৰেছ সাংসদজনে
তেওঁৰ সমষ্টিতে যথেষ্ঠ সংখ্যক বাংলাদেশী নাগৰিক আছে বুলি প্ৰকাশ কৰে৷ লগতে বাংলাদেশী নাগৰকিৰ পৰা ধৰ্মীয় বিভেদৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত চিন্তাৰ কাৰণ হৈ দেখা দিছে বুলি মন্তব্য কৰে৷ মিজোৰামৰ কংগ্ৰেছ সাংসদ গৰাকীয়ে গৃহমন্ত্ৰীয়ে ভাৰতৰ মাটিৰ পৰা সকলো বিদেশী নাগৰিক চিনাক্ত কৰি উভতাই পঠোৱা হ'ব বুলি কৰা মন্তব্যৰ প্ৰশংসা কৰে ৷ বৰ্তমান সময়ত উত্তৰ পূৰ্বাঞ্চলত এই ক্ষেত্ৰত পদক্ষেপ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে বুলি কয় ৷
আনহাতে বিদেশী বহিস্কৰণৰ বাবে অতি সোনকালে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে ৷ লগতে প্ৰয়োজন হ'লে সকলো লোকেই এই ক্ষেত্ৰত সহায় আগবঢ়াব বুলিও তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ উল্লেখ্য যে, 17 তাৰিখে ৰাজ্যসভাত হোৱা এন আৰ চি সম্পৰ্কত এক বিবাদৰ পিচত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত ভাৰতত বাস কৰা সকলো বিদেশী নাগৰিকক চিনাক্ত কৰি নিজৰ দেশলৈ উভতাই পঠোৱা হ'ব বুলি মন্তব্য কৰিছিল৷
Last Updated : Jul 19, 2019, 9:14 PM IST